modi, rahul
modi, rahul  
মুখ্য-পৃষ্ঠা

পৰৱৰ্তী লোকসভা নিৰ্বাচনত মোডীক প্ৰত্যাহ্বান জনোৱাৰ ক্ষমতা আছে ৰাহুল গান্ধীৰ: অশোক গেহলট

Asomiya Pratidin

ডিজিটেল ডেস্ক: জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বুধবাৰে কয় যে ৰাহুল গান্ধীৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনোৱাৰ শক্তি আছে। কিন্তু সকলো বিৰোধী দলে একেলগে নিৰ্ণয় কৰিব কোনে প্ৰতিদ্বন্দিতা কৰিব।

গেহলটে লগতে কয় যে ৰাহুল গান্ধীয়ে ২০২২ হিমাচল প্ৰদেশ নিৰ্বাচন আৰু গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ত প্ৰচাৰ চলাব পাৰে অথবা নকৰিবও পাৰে। কিন্তু তেওঁ যিবোৰ সমস্যা লৈ তেওঁ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে সেইবোৰে সাধাৰণ লোকৰ লগত কাষত নিছে।

গুজৰাট বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে গেহলটে কয় যে আম আদমী পাৰ্টীয়ে মানুহক বিপথে পৰিচালিত কৰিছে। কিন্তু গুজৰাটত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিব। লগতে তেওঁ দাবী কৰে যে কংগ্ৰেছে হিমাচল প্ৰদেশত সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব।

উল্লেখ্য যে,হিমাচল প্ৰদেশৰ ৬৮ খন আসনৰ বাবে ১২ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। অন্যহাতে গুজৰাটৰ মুঠ ১৮২ খন বিধানসভা আসনৰ বাবে ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হব। ভোটগণনা ৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব।