মুখ্য-পৃষ্ঠা

মোদীক কোনে ক’লে- বন্ধ কৰক এই তামাছা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানত এতিয়াও অন্ত পৰা নাই ৰাজনৈতি উত্তেজনা। ৰাজস্থানৰ ৰাজ্যপালে ১৪ আগষ্ট তাৰিখে বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদাণ কৰাৰ পাছত জয়শালমাৰত উপস্থিত হ'ল গেহলটবাহিনী।

আনহাতে হৰ্ছট্ৰেডিং সন্দৰ্ভত মুখ্যমন্ত্ৰী অশোক গেহলটৰ মন্তব্য যেতিয়াৰ পৰা বিধানসভাৰ অধিবেশনৰ কথা ঘোষণা হৈছে তেতিয়াৰে পৰা বিধায়কসকলৰ দাম বাঢ়ি গৈছে।

মুখ্যমন্ত্ৰী অশোক গেহলটৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ- ৰাজস্থানৰ ৰাজনীতিত যিবোৰ তামাছা চলি আছে সেই সকলোবোৰ বন্ধ কৰক। মুখ্যমন্ত্ৰী অশোক গেহলটৰ অভিযোগ বিজেপি চৰকাৰে গেহলট চৰকাৰ ভাঙিবৰ বাবে হৰ্ছ ট্ৰেডিঙত লাগিছে।