মুখ্য-পৃষ্ঠা

আন এক বিপদঃ বিপদসীমাৰ ওপৰে বৈছে জীয়া ভৰলী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেইবাদিনো ধৰি নেৰানেপেৰা বৃষ্টিপাতৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় জল আয়োগে শেহতীয়াকৈ তথ্য প্ৰকাশ কৰিছে যে, জীয়া ভৰলীৰ পানী শনিবাৰে ৮বজাত বিপদ সীমাৰ ওপৰত অতিক্ৰম কৰিছে। শোণিতপুৰ আৰু পুথিমাৰী কৰ্চিঙত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বাঢ়নী পানী বিপদ সীমাৰ ওপৰে বৈছে বুলি সদৰি কৰিছে কেন্দ্ৰীয় জল আয়োগে।