মুখ্য-পৃষ্ঠা

বুধবাৰেও জামিন নাপালে আৰয়ান খানে…

asomiyapratidin

ডিজিটেল ডেস্কঃ মুম্বাই ক্ৰুজৰ ড্ৰাগছৰ কাণ্ডৰ অভিযুক্ত আৰয়ান খানে বুধবাৰেও জামিন লাভ নকৰিলে। বুধবাৰে বোম্বাই উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা শুনানি সমাপ্ত নহ'ল। পুনৰ বৃহস্পতিবাৰে ন্যায়ালয়ত শুনানি হ'ব বুলি জানিব পৰা গৈছে। কাইলৈ এনচিবিৰ তৰফৰ পৰা এএছজিয়ে নিজৰ সকলো তথ্য সন্মুখত ৰাখিব।

এএছজিয়ে কয় যে- বৃহস্পতিবাৰে ন্যায়ালয়ত মাত্ৰ এঘন্টাৰ ভিতৰতে তেওঁলোকৰ পক্ষৰ পৰা সকলো তৰ্ক সম্পূৰ্ণ হৈ যাব। উল্লেখ্য যে, ২ অক্টোবৰত গ্ৰেপ্তাৰ কৰাৰ পাছত এনচিবিৰ জিম্মাত আৰু তাৰপাছত মুম্বাইৰ আৰ্থৰ জিলাত কাৰাবন্দী হৈ থকা আৰয়ান খানৰ জামিন আৱেদন মঙলবাৰেও নাকচ কৰা হৈছিল।