মুখ্য-পৃষ্ঠা

চোৰাংচোৱা সংস্থা আৰু ৰ'(RAW) ৰ নতুন মুৰব্বীক নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু ৰ'(RAW) ৰ নতুন মুৰব্বীক নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰে। অৰবিন্দ কুমাৰক চোৰাংচোৱা সংস্থাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ লগতে সামন্ত গোৱেলক ৰ'ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। নিযুক্তি পোৱা দুয়োজন অধ্যক্ষই ১৯৮৪ৰ আই পি এছ বিষয়া।

অৰবিন্দ কুমাৰে পূৰ্বৰ চোৰাংচোৱাৰ অধ্যক্ষ ৰাজীৱ জৈন আৰু সামন্ত গোৱেল অনিল ধসমানাৰ স্থানত স্থলাভিক্ত হ'ব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন উচপদস্থ বিষয়াই জনোৱা অনুসৰি, অহা ৩০ জুনত দায়িত্ব ল'ব দুয়োগৰাকী মুৰব্বীয়ে। উল্লেখ্য যে, পঞ্জাৱ কেডাৰৰ আই পি এছ বিষয়া সামন্ত গোৱেল বালাকোট এয়াৰষ্ট্ৰাইকৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিল।