মুখ্য-পৃষ্ঠা

দিল্লীৰ মুখ্যমন্ত্ৰীক ‘সন্ত্ৰাসবাদী’ আখ্যা বিজেপি সাংসদৰ, টুইটাৰযোগে প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ বিধানসভা নিৰ্বাচন যিমানেই কাষ চাপিছে, সিমনেই ৰাজনৈতিক দলসমূহৰ সমাজত বাক্যবাণৰ যুঁজ বৃদ্ধি পাবলৈ ধৰিছে। বিজেপি সাংসদ প্ৰৱেশ বাৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লৈ কৰিছে এক বিতৰ্কিত মন্তব্য। তেওঁ কয় যে, 'মুখ্যমন্ত্ৰী কেজৰিৱাল সন্ত্ৰাসবাদী আৰু আপোনালোকে যদি ভগ্নী-কন্যাক বচাব বিচাৰিছে তেন্তে তেওঁক খেদি পঠিয়াব লাগিব।'

প্ৰৱেশ বাৰ্মাই নিজ ভাষণত কয়- 'কেজৰিৱাল যদি এই নিৰ্বাচনত জয়ী হৈ আহে তেন্তে মাদীপুৰৰ বাট-পথ শ্বাহীনবাগত পৰিণত হ'ব। দিল্লীত কেজৰিৱালৰ দৰে সন্ত্ৰাসবাদী লুকাই আছে। তেওঁলোকক খেদি পঠিয়াব লাগিব।' তদুপৰি, সোমবাৰে বিজেপি সাংসদগৰাকীয়ে শ্বাহীনবাগত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলৰ সন্দৰ্ভত মন্তব্য কৰি কৈছিল- 'লাখ লাখ শ্বাহীনবাগত একত্ৰিত হৈছে। দিল্লীবাসীয়ে এতিয়া ভাবি-চিন্তি সিদ্ধান্ত ল'ব লাগিব। তেওঁলোকে আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব আৰু ভগ্নী-কন্যাক বলাৎকাৰ তথা হত্যা কৰিব…।'

ইফালে, প্ৰৱেশ বাৰ্মাৰ এই বিতৰ্কিতমন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। টুইটাৰযোগেনিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ লিখিছে- '৫ বছৰ দিনে-নিশাই কষ্ট কৰি দিল্লীৰবাবে কাম কৰিছো। দিল্লীবাসীৰ বাবে নিজৰ সকলো ত্যাগ কৰিছো। ৰাজনীতিত প্ৰৱেশ কৰাৰপাছত বহু প্ৰত্যাহ্বানৰো সন্মুখীন হৈছো যাতে ৰাইজে এক ভাল আৰু উন্নত জীৱন লাভকৰিব। তাৰ ফলস্বৰূপে আজি মোক বিজেপিয়ে সন্ত্ৰাসবাদী বুলি আখ্যা দিছে। বহুত দুখলাগে।'