মুখ্য-পৃষ্ঠা

অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ’ছাইটিৰ ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

asomiyapratidin


ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ'ছাইটিৰ পঞ্চদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ইটানগৰৰ জৱাহৰলাল নেহৰু মিউজিয়ামত । প্ৰতিষ্ঠা দিৱস উদযাপনৰ মূখ্য আকৰ্ষণ হিচাপে অনুষ্ঠিত কৰা হয় জনপ্ৰিয় লেখক আৰু কবি অতনু ভট্টাচাৰ্য্য আৰু সু-গায়িকা মিতালী দে'ৰ এটি জনপ্ৰিয় অনুষ্ঠান 'গল্পকথা' । কাহিনী কথন আৰু সংগীতৰ যুগলবন্দীৰে সজাই পৰাই শ্ৰুতা-দৰ্শকৰ আগত উপস্থাপন কৰা এই সুন্দৰ অনুষ্ঠানটোৱে উপস্থিত আটাইকে মন্ত্ৰমুগ্ধ কৰি তোলে । এই অনুষ্ঠানতে অতনু ভট্টাচাৰ্য্যৰ নৱতম গ্ৰন্থ 'সিংহল সমুদ্ৰ সৈকত' আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় জনপ্ৰিয় লেখক তথা অৰুণাচল প্ৰদেশ লিটাৰেৰি ছ'ছাইটিৰ সভাপতি য়েছে দৰজে ঠংচিয়