মুখ্য-পৃষ্ঠা

দুলঙৰ পাছত জহিঙতো সীমান্ত আৰক্ষী চকী স্থাপনত বাধা অৰুণাচলীৰ…

asomiyapratidin

ডিজিটেল সংবাদ, লখিমপুৰঃ অৰুণাচলীৰ অবাধ আগ্ৰাসনৰ বাবেই ক্ৰমাৎ সংকুচিত হৈ আহিছে লখিমপুৰৰ তিনিখন সংৰক্ষিত বনাঞ্চলৰ ভূমি৷ ৰঙা সংৰক্ষিত বনাঞ্চল ,কাকৈ সংৰক্ষিত বনাঞ্চল আৰু দুলুং সংৰক্ষিত বনাঞ্চলৰ বন ধ্বংস কৰি বসতি স্থাপন কৰিছে অৰুণাচলীয়ে ৷ ২০০৯ চনৰ পৰা চলিত বৰ্ষলৈ কুৰি বাৰৰো অধিক বনাঞ্চলত বসবাস কৰা অৰুণাচলীক লখিমপুৰ প্ৰশাসনে উচ্ছেদ কৰিছে যদিও আগ্ৰাসন আজি কোপতি ৰোধ হোৱা নাই ৷

১৯৮৬ চনৰ উচ্চতম ন্যায়ালয়ৰ অধিনিয়ম অনুসৰি আন্তঃৰাজ্যিক সীমান্তত উভয় ৰাজ্যই স্হিতাৱস্হা বাহাল ৰাখিব লাগে যদিও অৰুণাচল প্ৰশাসনে বাৰম্বাৰ সেই নিৰ্দেশ আমান্য কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ বন আৰু পৰিৱেশ আইন অনুসৰি সংৰক্ষিত বনাঞ্চলৰ ভূমিত ৰাজ্যৰ কোনো লোকে বসবাস কৰিব নোৱাৰে ৷

সেই মৰ্মে লখিমপুৰৰ কোনো লোকে বনাঞ্চলৰ ভূমি দখল নকৰে ৷ ইয়াৰ বিপৰীতে অৰুণাচল প্ৰশাসনৰ সহযোগত সীমান্তত বনাঞ্চলৰ ভূমি অবাধ হাৰত বেদখল কৰিছে অৰুণাচলীয়ে ৷ মইনা জুলীৰ পৰা দুলুঙলৈকে সীমান্তৰ প্ৰায় ৭০ কিঃমি দৈৰ্ঘ্যৰ বনাঞ্চলৰ ভূমিত ঠায়ে ঠায়ে আগ্ৰাসন চলাইছে অৰুণাচলীয়ে ৷

দুলুঙৰ ৰূপহী ৰাজগড়ত সীমান্ত আৰক্ষী চকী স্হাপনত সশস্ত্ৰ অৰুণাচলীয়ে বাধা প্ৰদান কৰাৰ পাছত এইবাৰ পোহৰলৈ আন এক ঘটনা ৷ দুলুঙৰ দৰে জহিঙত আন খন সীমান্ত আৰক্ষী চকী স্হাপনত বাধা দিছে অৰুণাচলীয়ে ৷ এক পষেক পূৰ্বে অৰুণাচলৰ নামনি সোৱণশিৰি জিলাৰ ল'ৱাৰ জুমিত অসম সীমান্তত লখিমপুৰ প্ৰশাসনে প্ৰস্তাৱিত জহিং সীমান্ত আৰক্ষী চকী স্হাপন কৰিবলৈ যো জা কৰোতেই অৰুণাচলীয়ে বাধা দি নিৰ্মাণ কাৰ্যত হস্তক্ষেপ কৰে ৷

অৰুণাচলীৰ বাধাক মানি লৈ লখিমপুৰ প্ৰশাসনে উক্ত আৰক্ষী চকী কাকৈ বনাঞ্চললৈ স্হানান্তৰ কৰি স্হাপনৰ দিহা কৰে ৷এই খবৰ বিয়পি পৰাৰ লগে লগে অৰুণাচলৰ বিধায়ক তাপৰ লাহেং সহ এজন মন্ত্ৰী আৰু প্ৰায় ৫০ জন বিষয়া কৰ্মচাৰীয়ে বিশাল কনভয় লৈ সীমান্ত অঞ্চলটো পৰিদৰ্শন কৰে ৷ বগীনদী পাৰ হৈ নেফা ত দল টোৱে স্হানীয় অৰুণাচলী লোক সকলৰ লগত এক প্ৰীতি ভোজত অংশ গ্ৰহণ কৰে ৷

শনিবাৰে উক্ত এলেকাৰ পৰিভ্ৰমণ কালত স্হানীয় গাঁও বুঢ়াই এই প্ৰতিবেদকক অৱগত কৰা মতে দল টোৱে সীমান্তত এটা পথ নিৰ্মাণৰ জৰীপ কৰে ৷ যি পথৰ অধিকাংশ অসমৰ বনাঞ্চলৰ মাজেৰে পাৰ হ'ব ৷লক্ষণীয় ভাৱে অসমৰ বনাঞ্চলৰ ভূমিত অৰুণাচলীয়ে দখল কৰি কেনেদৰে বাসোপযোগী কৰি তুলিছে তাৰ ছবি দেখিবলৈ পোৱা হ"ল ৷ পৰিতাপৰ বিষয় যে এই সকলো বোৰ দেখি শুনিও নেদেখা আৰু নুশুনাৰ ভাও জুৰিছে লখিমপুৰ প্ৰশাসনে ৷ফল শ্ৰুতিত সীমান্ত বাসী অসমীয়াক ভয় ভাবুকি প্ৰদান কৰি ধাৰাবাসিক ভাৱে আগ্ৰাসন অব্যাহত ৰাখিছে বনাঞ্চলৰ ভূমিত ৷