মুখ্য-পৃষ্ঠা

সেনা দিৱসত প্ৰধানমন্ত্ৰীৰ বিশেষ ভিডিঅ’ শ্বেয়াৰ… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে উদযাপন কৰা হয় ৭২ সংখ্যক সেনা দিৱস। সেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰত শ্বেয়াৰ কৰে এটা ভিডিঅ'। ভিডিঅ'টোত দেখা গৈছে যে কেনেদৰে ভাৰতীয় সেনা বাহিনীৰ বিষয়া-জোৱানে এগৰাকী সন্তান সম্ভৱা মহিলাক বৰফৰ মোটা চাদৰৰ মাজেৰে বাট উলিয়াই হাস্পতাললৈ লৈ গৈছে।

দৰাচলতে এই ভিডিঅ'টো কাশ্মীৰৰ। যি ছ'চিয়েল মিডিয়াত এতিয়া বাৰুকৈ ভাইৰেল হৈ পৰিছে। দেশৰ সেনাই যে কেৱল দেশবাসীৰ হকে সকলো পৰিস্থিতিত কাম কৰি যায় আৰু আমাক নিৰাপত্তা প্ৰদানৰ বাবে নিজে কিছুমান এনে পৰিস্থিতিলৈ যায় য'ত সাধাৰণ মানুহে থকাতো সঁচাকৈ অতি কষ্টকৰ বা প্ৰায় অসম্ভৱ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' শ্বেয়াৰ কৰি টুইটাৰত লিখে- 'তুষাৰপাত হৈ থকাৰ সময়তে শ্বামিমা নামৰ এগৰাকী প্ৰসূতীক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। মুঠ ৪ ঘন্টা ১০০গৰাকী আৰক্ষী জোৱান-বিষয়া আৰু ৩০গৰাকী স্থানীয় লোকে শাৰী পাতি খোজকাঢ়ি গৈ তুষাৰপাতৰ মাজতে প্ৰসূতীগৰাকীক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান মাতৃ আৰু সন্তান দুয়োৰে স্বাস্থ্য ঠিকেই আছে।'