মুখ্য-পৃষ্ঠা

জল, স্থল আৰু বায়ুসেনাৰ মুৰব্বী হিচাপে ‘চীফ অৱ ডিফেন্স ষ্টাফ’ পদত কাক দিয়া হ’ব নিযুক্তি…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৭৩ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ সেনা বাহিনীৰ প্ৰসংগত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল । মোডীয়ে ঘোষণা কৰিছেল যে- জল, স্থল আৰু বায়ুসেনাৰ মুৰব্বী হিচাপে অচিৰেই 'চীফ অৱ ডিফেন্স ষ্টাফ' পদৰ প্ৰৱৰ্তন কৰা হ'ব।

প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে সেনা বাহিনীৰ এই উচ্চ পদত কাক অধিষ্ঠিত কৰা হব তাক লৈ চলিছে চৰ্চা।এক সুত্ৰৰ খবৰ অনুসৰি চলিত বৰ্ষৰ নৱেম্বৰ মাহত সেনাৰ উচ্চ পৰ্যায়ৰ এক বৈঠকত এই পদবীৰ কাৰ্য-কলাপৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে আলোচনা কৰা হব। চীফ অৱ ডিফেন্স ষ্টাফৰ পোছাকত ৫ টা তাৰকা।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰনুসৰি এই পদৰ বাবে ভাৰতীয় স্থলসেনা প্ৰধান বিপিন ৰাৱটৰ নাম আছে সবাতোকৈ আগত। চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত অৱসৰ লব ৰাৱটে। ইয়াৰ পাছতে ৰাৱটৰ কান্ধত এই গুৰুত্বপূৰ্ণ পদবী অৰ্পণ কৰা হব বুলিও চৰ্চা চলিছে। ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ ৩০ চেপ্তম্বৰত অৱসৰ লব বায়ু সেনা প্ৰধান বি এছ ধনোৱাই। অৱশ্যে ধনোৱাৰ নাম এই পদৰ বাবে চৰ্চালৈ অহা নাই।