মুখ্য-পৃষ্ঠা

কৃষকক অপমান কৰা চৰকাৰৰ বটাঁ নালাগেঃ প্ৰকাশ সিং বাদলে উভতাব পদ্ম বিভূষণ সন্মান…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কৃষক আন্দোলনে আজি ভৰি থলে অষ্টমটো দিনত। বৰ্তমানেও কেন্দ্ৰ আৰু প্ৰতিবাদী কৃষকসকলৰ মাজত আলোচনা চলি আছে যদিও সমাধানৰ সূত্ৰ ওলোৱা নাই। এনে সময়তে কৃষক আন্দোলনলৈ সমৰ্থন জনাই শিৰোমণি অকালি দলৰ জ্যেষ্ঠ নেতা প্ৰকাশ সিং বাদলে উভতাই দিয়ে পদ্ম বিভূষণ সন্মান।

এই বিষয়ৰ সন্দৰ্ভত কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে নেতাগৰাকীয়ে। পত্ৰত তেওঁ লিখিছে, মই ইমানেই দুখীয়া যে, কৃষকসকলৰ বাবে ত্যাগ কৰিবলৈ মোৰ একোৱেই নাই। কৃষকসকলৰ বাবেই মই আজি এইখিনি পাইছোহি। গতিকে তেনে কৃষকক যদি অপমান কৰা হয়, তেনেহলে এই সন্মান মই ৰাখি থৈ কোনো লাভ নহ'ব।' উল্লেখ্য যে, কৃষি বিধেয়ক কেইখন সদনত উত্থাপন হোৱাৰ পিছতে শিৰোমণি অকালী দলৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ত্যাগ কৰিছে মোডী মন্ত্ৰী সভাৰ পদ।