মুখ্য-পৃষ্ঠা

মঙলবাৰৰ পৰা পুনৰ অনশনত বহিল আন্না হাজাৰে

asomiyapratidin

ডিজিটেল ডেস্কঃ ২ অক্টোবৰ অৰ্থাৎ মঙলবাৰৰ পৰা পুনৰ আমৰণ অনশনত বহিল গান্ধীবাদী নেতা আন্না হাজাৰে। লোকপাল বিলৰ দাবীৰে আহমেদাবাদৰ ৰালেগণ সিদ্ধিত গান্ধী জয়ন্তীৰ পৰাই অনশনত বহিল হাজাৰে।

অনশনত বহাৰ আগমুৰ্হুতত সমালোচনা কৰে বিজেপি চৰকাৰক। 'লোকপাল আন্দোলনক কেন্দ্ৰ কৰিয়েই শাসনৰ গাদীত বহা বিজেপিয়ে পিছৰ পৰ্যায়ত এই বিলখনৰ ক্ষেত্ৰত পিছ হুহকা দিলে।'- আন্না হাজাৰেয়ে এনেদৰে বিজেপিক সমালোচনা কৰি এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰও লিখে।

পত্ৰখনত হাজাৰেয়ে লিখে যে- 'লোকপাল বিলখনৰ বাবে ২০১১ চনৰ ১৬ আগষ্টত সমগ্ৰ দেশ ৰাজপথলৈ ওলাই আহিছিল। সেই আন্দোলনৰ বাবেই আপোনাৰ দল শাসনলৈ আহিছিল।চাৰি বছৰ শাসনকাল পাৰ হোৱাৰ পাছতো চৰকাৰে লোকপাল বিধেয়কখনৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নল'লে।' উল্লেখ্য যে লোকপাল বিলৰ লগতে কৃষকৰ উৎপাদিত শস্যৰ উচিত মূল্যৰ দাবীও উত্থাপন কৰিছে আন্না হজাৰে।