মুখ্য-পৃষ্ঠা

পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত অংশ নোলোৱাৰ শাস্তি! বিজেপিৰ পৰা নিলম্বিত প্ৰাক্তন শক্তিমন্ত্ৰী অনিল শৰ্মা

asomiyapratidin

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ প্ৰাক্তন শক্তি মন্ত্ৰী অনিল শৰ্মাক বুধবাৰে বিজেপিয়ে দলৰ পৰা নিলম্বন কৰে। লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী আশ্ৰয় শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অস্বীকাৰ কৰা বাবেই বিজেপিয়ে তেওঁক দলৰ পৰা নিলম্বন কৰে।

ইয়াৰ পূৰ্বে পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত অংশ নোলোৱাৰ বাবে অনিল শৰ্মাই জয়ৰাম ঠাকুৰ মন্ত্ৰীসভাৰ পৰা বহিস্কৃত হৈছিল। ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সচিব তৰুণ সুঘে অনিল শৰ্মাক দলৰ পৰা নিলম্বন কৰা সন্দৰ্ভত কয়, 'যিয়ে দলৰ আদৰ্শৰ বিৰুদ্ধে যায়, তেওঁ দলীয় তদন্তৰ সন্মুখীন হ'বলগা হয়। অনিল শৰ্মাইও দলৰ নীতি-আদৰ্শক অৱমাননা কৰিছে, সেয়ে এই শাস্তি তেওঁৰ প্ৰাপ্য।'

অন্যহাতে লোকসভা নিৰ্বাচনৰ পিছৰে পৰাই হিমাচল প্ৰদেশৰ একাংশ বিজেপি নেতাই অনিল শৰ্মাক দলৰ পৰা বহিস্কাৰ কৰাৰ দাবী কৰি আহিছিল।