মুখ্য-পৃষ্ঠা

পথৰ দুৰৱস্থা! ১২ কিলোমিটাৰ চাঙিত কঢ়িয়াই নিব লগা হৈছে ৰোগীক… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ এতিয়া দেশৰ বিভিন্ন প্ৰান্তত এনে কিছু এলেকা আছে য'ত সুচল পথ আৰু যাতায়ত ব্যৱস্থা নথকাৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছে জনসাধাৰণ। ক'ৰবাত যদি পথৰ দুৰাৱস্থাৰ ফলত কোনো ৰোগীক চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃত্যু হয়, আন ক'ৰবাত আকৌ প্ৰসূতীক চাঙিত দাঙি ৬-৮ কিলোমিটাৰ দূৰৰ চিকিৎসালয়লৈ নিব লগা হয়। এনেধৰণৰে এক ঘটনা সংঘটিত হ'ল অন্ধ্ৰপ্ৰদেশত।

অন্ধ্ৰপ্ৰদেশৰ বিজিয়ানাগাৰাম জিলাত পথৰ তথৈবচ অৱস্থাৰ বাবেই এজন ২২ বছৰীয়া ৰোগীক প্ৰায় ১২ কিলোমিটাৰ দূৰলৈ চাঙিত দাঙি নিয়া এক ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা গৈছে এজন ৰোগীক ১২ কিলোমিটাৰ দূৰত থকা এম্বুলেন্সলৈ কঢ়িয়াই নিব লগা হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ৰোগীজনৰ নাম যৰতা নাগাৰাজু।

জণ্ডিছত আক্ৰান্ত নাগাৰাজুৰ স্বাস্থ্য অধিক অৱনতি ঘটাত তেওঁক এনেদৰে এম্বুলেন্সলৈ চাঙিত কঢ়িয়াই নিব লগা হয়। বৰ্তমান ৰোগীজন এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।