মুখ্য-পৃষ্ঠা

কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল, মধ্যপ্ৰদেশৰ ৰাজ্যপাল আনন্দি বেন পাটিলক উত্তৰপ্ৰদেশৰ ৰাজ্যপালৰ দায়িত্ব

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ সাল সলনি কৰা হৈছে। নতুন নিৰ্দেশ অনুসৰি বৰ্তমানে মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ দায়িত্বত থকা আনন্দি বেন পাটিলক উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। আনহাতে বিহাৰৰ ৰাজ্যপাল লালজী টণ্ডনক প্ৰদান কৰা হৈছে মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ দায়িত্ব।

খবৰ অনুসৰি, লালজী টণ্ডনৰ ঠাইত ফগু চৌহানক বিহাৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ইয়াৰোপৰিও জগদীশ ধনখন পশ্চিম বংগৰ আৰু ৰমেশ বৈশই ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে দায়িত্ব চম্ভালিব। ইফালে আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।