চৰকাৰী আঁচনিৰ পৰা বঞ্চিত চাবুৱাৰ ৭০ ঊৰ্দ্ধৰ এহাল বৃদ্ধ
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত চাবুৱাৰ ৭০ ঊৰ্দ্ধৰ এহাল বৃদ্ধ 
মুখ্য-পৃষ্ঠা

ৰজাঘৰীয়াক কাকুতি মিনতি কৰিও লাভ কৰা নাই চৰকাৰী আঁচনিৰ সুবিধা

Asomiya Pratidin

ডিজিটেল সংবাদ,চাবুৱাঃ চৰকাৰী আঁচনিৰ পৰা আজিকোপতি বঞ্চিত চাবুৱাৰ ৭০ ঊৰ্দ্ধৰ বৃদ্ধ দম্পতি । জানিব পৰা মতে ৰজাঘৰীয়াক কাকুতি মিনতি কৰিও আজিলৈকে পাবলৈ সক্ষম নহ'ল পি এম ওৱাই আৱাসগৃহ,ৰেচন,শৌচাগাৰ । বাধাৰূপে থিয় দিছে খোদ পঞ্চায়তৰ সভানেত্ৰী মেদিনা মেচ বৰুৱা ।

যাৰ বাবে বৃদ্ধ বয়সতো আনৰ ঘৰত দিন হাজিৰা কৰি দুবেলা - দুমুঠি কোনোমতে খাই জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে বৃদ্ধ দম্পতিয়ে। চাবুৱাৰ জেৰাই গাঁও পঞ্চায়তৰ যোগীপথাৰৰ ৭০ ঊৰ্ধৰ বৃদ্ধ দম্পতিয়ে ৰজাঘৰীয়াৰ ওচৰত বহু আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰী আঁচনিৰ পৰা আজিকোপতি বঞ্চিত হৈ আছে।

বৰ্তমানেও উৱলি যোৱা এটা পঁজাতেই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। চৰকাৰী যি বিনামূলীয়া চাউল পাইছিল ,সেয়াও বিনা কাৰণতে বন্ধ কৰি দিয়াৰ কথা অৱগত কৰিছে ভুক্তভোগী ৭০ ঊৰ্দ্ধৰ গোপাল ৰাজখোৱাই ।