মুখ্য-পৃষ্ঠা

বেয়া বতৰৰ বাবে অৰুণাচলত এ এন-৩২ বিমানত থকা বায়ু সেনাৰ বিষয়া-কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ অভিযান স্থগিত…

asomiyapratidin

ডিজিটেল ডেস্কঃ অৰুণাচলপ্ৰদেশৰ লীপোত দুৰ্ঘটনাগ্ৰস্ত হোৱা ভাৰতীয় বায়ু সেনাৰ বিমান এ এন-৩২ত থকা ১৩গৰাকী বায়ু সেনাৰ বিষয়া-কৰ্মচাৰীৰ মৃতদেহ কেইটা উদ্ধাৰৰ বাবে চলোৱা অভিযান শনিবাৰে স্থগিত ৰাখিব লগা হয়। বেয়া বতৰৰ বাবে পাহাৰীয়া অঞ্চলটোত ভাৰতীয় বায়ু সেনাৰ বিষয়া-কৰ্মচাৰী কেইগৰাকীৰ মৃতদেহ উদ্ধাৰ স্থগিত ৰখা হৈছে।

উল্লেখ্য যে, ১১ জুনত ভাৰতীয় বায়ু সেনাই দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসৱাশেষ উদ্ধাৰ কৰিছিল। ১৫জন পৰ্বতাৰোহীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল। কিন্তু শনিবাৰে বতৰৰ প্ৰতি লক্ষ্য ৰাখি ব্যাহত হৈ পৰে উদ্ধাৰ অভিযান।