amit shah
amit shah  
মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰলৈ অমিত শ্বাহ: সাক্ষাৎ কৰিব সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ পৰিয়ালক

Asomiya Pratidin

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলা ভ্ৰমণ কৰিব। জিলা খনৰ নিৰাপত্তাৰ স্থিতি পৰ্যালোচনা কৰিবলৈ যাব মন্ত্ৰী গৰাকীয়ে। ৰাজৌৰীত দুটা সন্ত্ৰাসবাদী আক্ৰমণত ৭ জনকৈ লোক নিহত হৈছিল।

শ্বাহে পুৱা ১১ বজাৰ ভিতৰত জম্মুত অৱতৰণ কৰিব বুলি জানিব পৰা গৈছে। আৰু তাৰ পিছত হেলিকপ্টাৰখন ৰাজৌৰীলৈ লৈ যাব।

গৃহমন্ত্ৰীয়ে এই সময়চোৱাত কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঠাইখন পৰিদৰ্শন কৰিব । লগতে ঘটনাটোত নিহত হোৱা লোক সকলৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰিব।

তাৰ পাছতেই দুপৰীয়া ১.৩০ বজাত জম্মুলৈ উভতি আহিব। প্ৰায় ২ বজাত জম্মুৰ ৰাজভৱনত অসামৰিক প্ৰশাসন আৰু নিৰাপত্তা প্ৰতিষ্ঠানৰ বিষয়াসকলৰ এখন বৈঠকত অংশ লৈ আৱেলি দিল্লীলৈ ৰাওনা হ'ব।

উল্লেখ্য যে, ১ আৰু ২ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ উজনি ডাংগ্ৰী গাঁৱত দুটা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ১ জানুৱাৰীৰ সন্ধিয়া চাৰিজন লোকক গুলীয়াই হত্যা কৰাৰ বিপৰীতে ২ জানুৱাৰীৰ পুৱা বিস্ফোৰণ সংঘটিত হৈছিল। এই আক্ৰমণত কেইবাজন লোকৰ মৃত্যু হৈছল।