মুখ্য-পৃষ্ঠা

প্ৰখ্যাত সাহিত্যিক অমিতাভ ঘোষলৈ ২০১৮ বৰ্ষৰ জ্ঞানপীঠ বঁটা

asomiyapratidin

ডিজিটেল ডেস্কঃ ইংৰাজী ভাষাৰ প্ৰতিষ্ঠিত সাহিত্যিক অমিতাভ ঘোষলৈ ২০১৮ বৰ্ষৰ ৫৪ সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা কৰা হৈছে৷ শুকুৰবাৰে প্ৰতিভা ৰায়ৰ অধ্যক্ষতাত অনুষ্ঠিত জ্ঞানপীঠ চয়ন সমতিৰ বৈঠকৰ পিছতে বিশিষ্ট সাহিত্যিকগৰাকীলৈ এই সুখবাৰ্তা কঢ়িয়াই আনে জ্ঞানপীঠে৷ উল্লেখ্য যে, এই বঁটা প্ৰাপক ঘোষ প্ৰথমগৰাকী ইংৰাজী ভাষাৰ সাহিত্যিক হিচাপে পৰিগণিত হ'ব৷

দেশৰ সৰ্ব্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটাত সাহিত্যিকগৰাকীক ১১ লাখ টকাৰ লগতে সৰস্বতীৰ প্ৰতিমা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ'ব৷

১৯৫৬ চনত কলিকতাত জন্মলাভ কৰা অমিতাভ ঘোষে ইংৰাজী ভাষাত ইতিমধ্যে কেইবাখনো গ্ৰন্থ ৰচনা কৰি উলিয়াইছে৷ ইয়াৰ ভিতৰত 'দ্য গ্লাছ পেলেচ', 'ছেড' লাইনছ', 'দ্য হাংগ্ৰী টাইড' আৰু 'আইবিছ ত্ৰিলজী' ঘোষৰ উল্লেখনীয় সৃষ্টি৷ প্ৰখ্যাত সাহিত্যিকগৰাকীক পদ্মশ্ৰী, সাহিত্য একাডেমী বঁটাৰেও সন্মানিত কৰা হৈছে৷