মুখ্য-পৃষ্ঠা

জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ বলিউদৰ মহাতাৰকা অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনৰ কোৰোনা পজিটভ হোৱাৰ লগে লগে কনন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে বিগ বিৰ বাসগৃহ জলশাক। কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই পৌৰ নিগমে কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে তাৰকাজনৰ ৱাসভৱনটো।

উল্লেখ্য যে বলিউদৰ জনপ্ৰীয় অভিনেতা গৰাকীয়ে শনিবাৰে টুইট যোগে তেওঁৰ অনুৰাগী সকলক জানিবলৈ দিছিল যে তেওঁ কোৰোনা পজিটিভ। সমান্তৰালকৈ জুনিয়ৰ বচ্চন অভিষেকেও টুইট যোগে ঘোষণা কৰিছিল তেওঁ ক'ভিড পজিটিভ হোৱাৰ কথা।আৰু তাৰ পাছতেই মুম্বাই পৌৰ নিগমে বচ্চন পৰিয়ালৰ বাসভৱনটো কন্টেইনমেন্ট জ'ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমানে মুম্বাইৰ নানাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে বলিউদৰ মহাতাৰকা জন।