Amit sah
Amit sah 
মুখ্য-পৃষ্ঠা

৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ অমিত শ্বাহ, কেতিয়া, কোনটো অনুষ্ঠানত ল'ব অংশ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অহা ৭ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। একাধিক কাৰ্যসূচীত অংশগ্ৰহনৰ উদ্দেশ্যে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

শুকুৰবাৰ, ৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া বানমুক্ত অসম সন্দৰ্ভৰ বৈঠকত অংশগ্ৰহন কৰাৰ উপৰিও ৮ অক্টোবৰৰ দিনা পুৱা ৯ বজাত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহৰ শুভ উদ্বোধন কৰিব মন্ত্ৰী অমিত শ্বাহে।

অন্যহাতে উক্ত দিনটোতে গৃহমন্ত্ৰী গৰাকীয়ে পুৱা ১০ বজাত ১১১টা মণ্ডল,জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ৰ সমূহীয়া আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ লগতে বিয়লি ১ বজাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সন্মিলন সভা সম্বোধন কৰিব।

Amit sah

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে বৈঠকত মিলিত হ'ব। ইয়াৰ পিছতে তেওঁ উত্তৰ-পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ সন্দৰ্ভতো পৰ্যালোচনামূলক বৈঠকত সম্বোধন কৰিব।

৯ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশন আৰু আৰক্ষী অধীক্ষকৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠকত অংশগ্ৰহন কৰিব শ্বাহে। কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পাছত অসম ভ্ৰমণ কাৰ্যসূচী সামৰণি মাৰিব অমিত শ্বাহে।