মুখ্য-পৃষ্ঠা

গণৰাজ্য দিৱসত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টুইটাৰযোগে কি ক’লে অৰবিন্দ কেজৰিৱালে… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নাম উল্লেখ কৰি টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে এটা ভিডিঅ'। প্ৰায় ৫ মিনিটৰ এই ভিডিঅটোত দিল্লী চৰকাৰে ৰাজ্যখনত কোনো কাম নকৰা বুলি উত্থাপন কৰি অহা অভিযোগৰ সন্দৰ্ভতে মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে।

ভিডিঅটোত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয়- 'অমিত শ্বাহে দিল্লীলৈ আহে আৰু দিল্লবাসীৰ কষ্ট-পৰিশ্ৰমক অপমান কৰে। তেওঁ কৈছে চিচিটিভি সংস্থাপন কৰা নাই। কিন্তু দিল্লীত ৰাজ্যবাসীয়ে প্ৰায় ২ লাখ চিচিটিভি কেমেৰা লগাইছে। কিন্তু আপুনি কিমান চিচিটিভি লগাইছে? দিল্লী চৰকাৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ হাৰ ৯৬ শতাংশ। আপুনি নিজৰ চৰকাৰে কি কি কাম কৰিলে সেই সন্দৰ্ভত জনালে বেছি ভাল হ'লহেঁতেন।'

কেজৰিৱালে লগতে কয় যে, 'আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ বাবেই আজি দেশত ইমানেই মূল্যবৃদ্ধি হৈছে যে এজন সাধাৰণ লোক জীয়াই থকাতো প্ৰায় অসম্ভৱ হৈ পৰিছে। তেনেস্থলত যদি আমাৰ চৰকাৰে দিল্লীবাসীক বিদ্যুৎ-পানী বিনামূলীয়াকৈ যোগান ধৰে, তেন্তে অসুবিধা কি…'