মুখ্য-পৃষ্ঠা

নাগৰিকত্ব সংশোধনী বিধেয়ক হ’বই লাগিব, ক’লে অমিত শ্বাহে

asomiyapratidin

ডিজিটেল ডেস্কঃ এন আৰ চি প্ৰসংগক লৈ ভাৰতীয়সকলক অভয়বাণী শুনাই পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মন্তব্য আগবঢ়াইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

দিল্লীৰ আম্বেডকাৰ আন্তৰ্জাতিক কেন্দ্ৰত আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহক বৈঠকত আদৰণি ভাষণ প্ৰদান কৰি শ্বাহে অসমৰ এন আৰ চি প্ৰসংগ উত্থাপন কৰে। তেওঁ কয় যে প্ৰকৃত ভাৰতীয়সকলে এন আৰ চিক লৈ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।

'নাগৰিকত্ব সংশোধনী বিধেয়ক হ'বই লাগিব। আমি এই বিধেয়ক গৃহীত হোৱাত গুৰুত্ব আৰোপ কৰিছো। এয়া হৈছে আমাৰ দায়িত্ব।'- এইদৰে কয় ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

উল্লেখ্য যে, এই বৈঠকতে অনাগত সাধাৰণ নিৰ্বাচনৰ বাবে বিজেপিয়ে সৰ্বসন্মতভাৱে 'অজেয় বিজেপি' শ্লোগান গ্ৰহণ কৰে। এই শ্লোগানৰ জৰিয়তে ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে ২০০৪ চনতকৈয়ে বিশাল জয় সাব্যস্ত কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।