মুখ্য-পৃষ্ঠা

সোণাপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত মানুহবোৰক মাৰি পেলাবঃ কেনেকৈ ভাইৰেল হ’ল আমিনুলৰ সেই AUDIO ক্লীপ…VIDEO

asomiyapratidin

ডিজিটেল ডেস্ক

কি ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুলক

ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক মঙলবাৰে নিশা প্ৰায় ১ বজাত গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে নগাঁও আৰক্ষীয়ে। সোমবাৰে নিশা প্ৰায় ১১ বজাত ঘৰৰ পৰা আৰক্ষীয়ে ইছলামক থানালৈ লৈ আহি সোধ পোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হয়। শেহতীয়াকৈ ইছলামৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকে জানিবলৈ দিছে যে, আমিনুলৰ বিৰুদ্ধে 877/2020/US/120B/153(A)/124(A)/295(A) গোচৰ ৰুজু কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে।

নগাওঁ আৰক্ষী অধীক্ষকে কি কয়ঃ

নগাওঁ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, কেইটামান দিনৰ পূৰ্বে বিধায়ক ইছলামৰ বিৰুদ্ধে সাম্প্ৰদায়িক কিছু মন্তব্য দিয়া বুলি অভিযোগ উত্থাপন হৈছিল। লগতে এই সাম্প্ৰদায়িক মন্তব্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল। আৰক্ষীৰ জেৰাত ভাইৰেল হোৱা এই অডিঅ' ক্লীপৰ কন্ঠস্বৰ ইছলামৰ হয় বুলি স্বীকাৰো কৰিছে। অধীক্ষক গৰাকীয়ে লগতে কয়, এই অভিযোগ পোৱাৰ লগ লগে সোমবাৰে সন্ধিয়া ৬ বজাত নগাওঁ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয়। আৰু তেওঁক সন্ধিয়া ৭.৩০ বজাত তদন্তৰ বাবে মতা হয়।

কেনেকৈ ভাইৰেল হৈ পৰিছিল ইছলামৰ অডিঅ' ক্লীপঃ

আৰক্ষীয়ে যেতিয়া বিধায়ক ইছলামক তদন্তৰ বাবে ঘৰৰ পৰা লৈ আনি সোধ-পোছ কৰে তেতিয়াই প্ৰথমেই তেওঁ স্বীকাৰ কৰে যে, সেই অডিঅ' ক্লীপটোত থকা কন্ঠস্বৰ তেওঁৰে। লগতে সেই অডিঅ' নিজা মোবাইলত তেওঁ নিজেই ৰেকৰ্ডিং কৰা বুলিও জনায় ইছলামে। ইয়াৰ পাছতে ইছলামৰ হাতত থকা ফোনটো লগে লগে জব্দ কৰে আৰক্ষীয়ে।

ইছলামে লগতে স্বীকাৰ কৰে যে, তেওঁ নিজেই সেই অডিঅ' ক্লীপ বিভিন্ন জনলৈ প্ৰেৰণ কৰিছিল। প্ৰেৰণ কৰা লোকসকলকো তদন্তৰ আওতালৈ অনা হব বুলি কয় নগাওঁ আৰক্ষী অধীক্ষকে। আৰক্ষীয়ে বিধায়কগৰাকীৰ কৰ্মকাণ্ডৰ সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষলৈও এক পত্ৰ প্ৰেৰণ কৰিছে।

কি আছে সেই অডিঅ' ক্লীপটোতঃ

মোৰ মন-চন বহুত বেয়া। এনেকুৱা এটা কনপেৰেচি ষ্ট্ৰাট হৈছে, যিটো কোৱাৰেন্টাইন চেন্টাৰ বিলাক ডিটেনশ্যন কেম্পতকৈ এটা বেয়া পৰ্যায়লৈ লৈ গৈছে সিহতে। মানে…মই কিছুমান খবৰ পাইছো। কালি ৰাতিয়ো লাহৰিঘাটত এটা কোৱাৰেন্টাইন চেন্টাৰ কৰিছে। ইয়াতে মানুহ আহিছে ১৭….১৯ জন। যিবিলাক মানুহ আনিছে সেইবিলাক বহুদিনৰ আগতে নিজামুদ্দিন গৈছে, এমাহ-দুমাহৰ আগত। এবাৰ তেওঁলোকক সোমোৱাই দিয়াৰ পাছত, কোনো পৰিয়ালক মানুহক হস্পিতালৰ কেম্পাছৰ ওচৰতো যাব নিদিয়ে…।

আৰু যিটো গম পালো, সিহতক টেষ্ট কৰা নাই। সিহতৰ জ্বৰ, কাঁহ, চৰ্দি একোৱেই নাই বুলি গম পাইছো। সিহতক ইয়াৰ পৰা সোণাপুৰলৈ কিয় নিব নাজানো। মোৰ এটা ডাউট হয়, সিহতক সোণাপুৰত নি কিবা বেজী দি মাৰি পেলাব। তা পা কব কোৰোনাত মৃত্যু হ'ল বুলি…

শুনক সেই অডিঅ' ক্লীপত কি কৈছিল ইছলামে-

আমিনুলৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত এ আই ইউ ডি এফৰ মুখপাত্ৰৰ প্ৰতিক্ৰিয়াঃ

ধিংৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰৰ সন্দৰ্ভত এ আই ইউ ডি এফৰ মুখপাত্ৰ চম্পক কলিতাই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। আইনক সন্মান জনাই আইনী যুঁজ চলাই যাম। ৰাজনৈতিক প্ৰতিশোধৰ বাবেই আমিনুল ইছলামক গ্ৰেপ্তৰৰ কৰা হৈছে বুলিও কলে কলিতাই।

তেওঁ কয়, নাগপুৰীয়া প্ৰভুভক্ত সকলক সন্তুষ্ট কৰিবলৈ বিধায়ক আমিনুলক গ্ৰেপ্তাৰ কৰা হৈছে । বহু লোকেই সাম্প্ৰদায়িক মন্তব্য কৰিছে যদিও ৰহস্যজনক ভাৱে আমিনুলকহে গ্ৰেপ্তাৰ কৰিছে । চৰকাৰৰ ব্যৰ্থতা ঢাকিবৰ বাবেই বিধায়ক জনক গ্ৰেপ্তাৰ কৰিছে বুলি মন্তব্য কলিতাৰ।