মুখ্য-পৃষ্ঠা

ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ মূল ভূখণ্ডত সাব্যস্ত হৈ থকা প্ৰতিবাদে চিন্তিত কৰি তুলিছে আমেৰিকাকো। ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত হোৱা প্ৰতিবাদৰ বাবে আমেৰিকাৰ উদ্বেগৰ কথা ব্যক্ত কৰে যুক্তৰাষ্ট্ৰখনৰ বিশেষ ৰাষ্ট্ৰদূত চেম ব্ৰাউনবেকে।

খবৰ অনুসৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয়, 'ভাৰতৰ অন্যতম শক্তিসমূহৰ ভিতৰত অন্যতম হৈছে দেশখনৰ সংবিধানখন। এখন সবল গণতান্ত্ৰিক দেশৰ বাবে আমি ভাৰতৰ সংবিধানখনক সন্মান জনাও। কিন্তু এতিয়া 'কেব'ৰ বাবে গণতন্ত্ৰত পৰিব পৰা প্ৰভাৱে আমাকো চিন্তিত কৰি তুলিছে। আমি আশা কৰো যে চৰকাৰে ধৰ্মীয় স্বাধীনতাৰ লগতে সংবিধানৰ দায়বদ্ধতাসমূহো পালন কৰিব।'