মুখ্য-পৃষ্ঠা

অদ্ভূত কাণ্ড! এম্বুলেন্সত কোৰোনাত আক্ৰান্ত ৰোগীক উঠাই পথতেই পেলাই থৈ গ’ল হাত মোজা… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণপ্ৰতিৰোধৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। এই ভাইৰাছৰসংক্ৰমণ যদি দ্ৰুত হাৰত বৃদ্ধি পাই তেন্তে দেশত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'বপাৰে। স্বাস্থ্য কৰ্মীসকলেও এই ক্ষেত্ৰত চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি তেওঁলোকৰকামবোৰ কৰি গৈছে।

কিন্তু তাৰ মাজতে একাংশ এম্বুলেন্স কৰ্মীৰ কৰ্মকাণ্ডত চকু কপালত তুলিছে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'। এই ভিডিঅ'টো মুম্বাইৰ বিন্দ্ৰা ক'ম্প্লেক্স, মহাকালী অন্ধেৰীৰ বুলি জানিব পৰা গৈছে। ভিডিঅ'টোত দেখা গৈছে যে, কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত নিবলৈ অহা দুজন লোকক এম্বুলেন্সত উঠোৱাৰ পাছত এজন কৰ্মচাৰীয়ে হাতত পিন্ধি থকা গ্ল'বছযোৰ পথৰ ওপৰতে পেলাই থৈ যায়।

https://www.facebook.com/100000151157013/videos/3293914600623546/

এই দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই বহুতে এনে কাৰ্যক সমালোচনা কৰিছে। কিয়নো এম্বুলেন্স কৰ্মীজনে পথৰ ওপৰত পেলাই থৈ যোৱা গ্ল'বছৰ পৰাও কোৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ ফলত বহু লোক এই ভাইৰাছত আক্ৰান্তও হ'ব পাৰে। বৰ্তমানৰ পৰিস্থিতিত এনে কাৰ্য বন্ধ নকৰিলে দেশত কি ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে সেই সন্দৰ্ভত সকলোৱে নিজেই এবাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে।