মুখ্য-পৃষ্ঠা

অন্ত পৰিল অম্বুবাচীঃ আপুনি জানেনে অম্বুবাচী কি, কেনেকৈ বা কিয় হয়?

asomiyapratidin

দেওবাৰে অন্ত পৰিল কামাখ্যা ধামৰ অম্বুবাচী মেলা। হাজাৰ হাজাৰে ভক্তৰে ভিৰ কৰি থকা নীলাচলৰ বুকু আজিৰে পৰা নিজম পৰিব। আপুনি জানেনে এই অম্বুবাচী কি, কেনেকৈ বা কিয় হয়? পঢ়ক আমাৰ এই সংগৃহীত বিশেষ প্ৰতিবেদন

অম্বুবাচী হৈছে প্ৰাচীন কালৰে পৰাই অসমত প্ৰচলন হৈ অহা এক লোকাচাৰ। ই এক ঋতুকালীন কৃষিভিত্তিক উৎসৱ।প্ৰত্যেক বছৰৰ আহাৰ মাহৰ ৭ (সাত) তাৰিখৰ পৰাই অম্বুবাচী পালন কৰা হয়। হিন্দু লোকবিশ্বাস অনুসৰি জ্যোতিষ শাস্ত্ৰৰ মতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিবিধ অতীত হ'লে চতুৰ্থপদ আদ্রা নক্ষত্ৰৰ পাদৰ ভিতৰত পৃথিৱী ৰজস্বলা অর্থাৎ ঋতুমতী হয়।

পৃথিৱী ঋতুমতী হোৱা এই সময়ছোৱাকে অম্বুবাচী বুলি কোৱা হয়। সন্তান সম্ভৱা হ'বলৈ নাৰী ঋতুমতী হোৱাৰ দৰেই শস্য সম্ভৱা হ'বলৈ আই বসুমতী ঋতুমতী হয়। পৃথিৱীৰ উর্বৰতাৰ বাবেই এই অম্বুবাচী উৎসৱ পালন কৰা হয়।
অম্বুবাচী শব্দ হৈছে সংস্কৃত শব্দ আৰু এই শব্দ দুটাৰ অৰ্থ হৈছে অম্বুবাচী মানে পানী,আৰু বাচি মানে প্ৰস্ফুটিত হোৱা পানী।

অর্থাৎ অম্বুবাচীৰ অৰ্থ হৈছে ব্যাপক পানীৰ সঞ্চাৰ হোৱা। ই পৃথিৱীত হ'বলগা বৰষুনৰ সম্ভাৱনীয়তাক প্ৰকাশ কৰে আৰু ইয়াৰ পৰাই পৃথিৱীৰ উর্বৰতা বৃদ্ধি হয় আৰু উৎপাদনক্ষম হয়। অম্বুবাচীক নামনি অসমত 'আমতি'বা 'আমেতি 'বুলি কোৱা হয়।আৰু উজনি অসমত' ষাঠ ' লগা বুলি কোৱা হয়। হিন্দু ধৰ্মাৱলম্বী লোকৰ কাৰণে অম্বুবাচী এটা পৱিত্ৰ উৎসৱ।এই সময়ত পালন কৰা বহুতো নীতি-নিয়ম আছে।

এই সময়চোৱাত পৃথিৱীৰ বুকুত কৃষি কৰ্মৰ লগত জড়িত যেনে মাটি চহোৱা , শস্য ৰোৱা,গছৰ পৰা ফলমূল ছিঙা,গাত খন্দা, আদি নিষিদ্ধ থাকে। সন্ন্যাসী ,ব্ৰাহ্মণ বা বিধবা তিৰোতাই এই কেইদিনত সিজোৱা আহাৰ গ্ৰহণ নকৰে,ফলাহাৰ গ্ৰহণ কৰে। লগতে তেওঁলোকে মাটি স্পৰ্শ কৰিব নোৱাৰে অম্বুবাচী প্ৰবৃত্তিৰ পূৰ্বেই মাটিৰ কলহত পানী আনি থৈ অম্বুবাচী নিবৃত্তি নোহোৱালৈকে সেই পানীয়েই খাই থাকিব লাগে।

অম্বুবাচীৰ দিনকেইটাত কেচা গাখীৰ খালে বছৰটোত সৰ্প দংশনৰ কোনো ভয় নাথাকে বুলি জনবিশ্বাস আছে। এইকেইদিনত হিন্দু লোকে কোনো মাংগলিক কাৰ্য্য সম্পাদন নকৰে আৰু ঘৰৰ উপাসনা গৃহ, মন্দিৰ, নামঘৰ আদি বন্ধ কৰি ৰাখে।

অম্বুবাচী নিবৃত্তিৰ লগে-লগেই সকলো লোকেই ঘৰৰ সকলো বাচন-বর্তন, কাপোৰ-কানি, ঘৰ-দুৱাৰ,চাফ-চিকুন কৰে আৰু শান্তি পানী ছটিয়াই সকলো শুদ্ধ কৰে ,তাৰ পিছতহে মানুহে নিজৰ -নিজৰ উপাসনাস্থলীত প্ৰবেশ কৰিব পাৰে।

অম্বুবাচী উৎসৱৰ সময়তেই কামাখ্যা মন্দিৰৰ প্রাঙ্গনত বিৰাট মেলা অনুস্থিত হয়। এই অম্বুবাচী মেলা অতি আড়ম্বৰপূর্ণভাবে অনুস্থিত হয়। এই সময়তে ভাৰতৰ ভিন্ ভিন্ ঠাইৰ পৰা নানান ধর্মপ্রাণ ৰাইজৰ সমাগম হয়। ইয়াৰ উপৰিও ভাৰতৰ ভিন ভিন প্ৰান্তৰ পৰা ঋষি-মুনি, সাধূ-সন্ন্যাসীৰে নধৰা হৈ উঠে, আৰু এই অগণন সাধূ-সন্যাসীৰ সমাবেশত তেওঁলোকৰ আচৰিত অলৌকিক চৰিত্ৰ বা মাহাত্ম্যৰ প্ৰতিফলন হয়।

এই চাৰিদিনেই অম্বুবাচী মেলা অনুস্থিত হয়। এইকেইদিনত অম্বুবাচী মেলাক কেন্দ্ৰ কৰি কামাখ্যা মন্দিৰ লোকে লোকাৰণ্য হৈ থাকে। বিশেষকৈ কামাখ্যা মাৰ যোনীৰ সঙ্গমস্থলীত কামাখ্যাৰ দ্বাৰ বন্ধ কৰাৰ আগতেই অর্থাৎ প্ৰবৃত্তিৰ সময়তে ৰঙা বস্ত্ৰ স্থাপন কৰি দিয়া হয়।

কামাখ্যাৰ দ্বাৰ নিবৃত্তিৰ পিছত যেতিয়া খোলা হয়, তেতিয়া ধর্মপ্রাণ লোকসকলে, সাধু-সন্যাসীবোৰে বহুত ভিৰ
কৰে। অপেক্ষা কৰি থাকে অধীৰ আগ্ৰহেৰে মাৰ পৰা ৰঙা বস্ত্রখনৰ এটুকুৰা ল'বৰ বাবে, যিটোৰ বাবে লোকবিশ্বাসমতে ইয়াৰ দ্বাৰা সকলো মনৰ কামনা পুৰণ হয়।।