মুখ্য-পৃষ্ঠা

গান্ধী পৰিয়ালৰ বাবে এছপিজি নিৰাপত্তা ব্যৱস্থা কোনো ৰাজনৈতিক কৃপাদৃষ্টি নহয়, প্ৰয়োজনহেঃ কেপ্টেইন অমৰিন্দৰ সিং

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ এছপিজি নিৰাপত্তা ব্যৱস্থা উঠাই লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে প্ৰতিবাদত নামিছে কংগ্ৰেছ। গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা ব্যৱস্থা উঠাই লোৱাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মী-সমৰ্থকে দিল্লীস্থিত গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ নিন্দা কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে। চৰকাৰৰ এই সিদ্ধান্তক 'ৰাজনৈতিক অভিসন্ধি' আখ্যা দি সিদ্ধান্ত উভতাই লৈ গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা ব্যৱস্থা বাহাল ৰখাৰ দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পুনৰবিচাৰ কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'ছোনীয়া গান্ধীৰ স্বামী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু তেওঁৰ শাহু মাক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নৃশংস হত্যাকাণ্ডক গুৰুত্ব সহকাৰে লৈ গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা ব্যৱস্থা বাহাল ৰখা উচিত। কিয়নো এয়া তেওঁলোকৰ ওপৰত কোনো ৰাজনৈতিক কৃপাদৃষ্টি নহয়, বৰং তেওঁলোকৰ প্ৰয়োজনহে।'