মুখ্য-পৃষ্ঠা

পদত্যাগ পত্ৰ প্ৰদানৰ পাছত ক’লে কেপ্টেইন অমৰিন্দৰ সিঙেঃ মই বহুত অপমানিত হৈছো…

asomiyapratidin

ডিজিটেল ডেস্কঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কেপ্টেইন অমৰিন্দৰ সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে। তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পাছত কয় যে- মই আজি পুৱাই এই সিদ্ধান্ত লৈছিলো আৰু ছোনিয়া গান্ধীয়ে কৈছিল যে পদত্যাগ পত্ৰ দি দিয়া। যোৱা দুমাহৰ ভিতৰত বিধায়িনী দলৰ এয়ৈ তৃতীয়খন বৈঠক। মই বহুত অপমানিত হৈছো। ভৱিষ্যতে মোৰ বাবে বহু বিকল্প পথ আছে। আৰু তেওঁলোকে যাক বিশ্বাস কৰে তেওঁকেই নতুন মুখ্যমন্ত্ৰী ৰূপে নিয়োগ কৰে যেন।

কংগ্ৰেছো ত্যাগ কৰাৰ সন্দৰ্ভত কেপ্টেইন অমৰিবন্দৰ সিঙে কয় যে- মই কংগ্ৰেছতে আছো। মোৰ সমৰ্থকসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লম। উল্লেখ্য যে, কেপ্টেইন অমৰিন্দৰ সিঙে পঞ্জাৱৰ ৰাজ্যপালক সাক্ষাৎ কৰি কেবিনেটত নিজৰ পদত্যাগ পত্ৰ জাৰি কৰে। তেওঁ লগতে জনাই যে কংগ্ৰেছ দাবী জনাইছো মই পদত্যাগ কৰাৰ বাবে। যাৰ বাবে ১৮ ছেপ্টেম্বৰ, শনিবাৰে তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰে।