মুখ্য-পৃষ্ঠা

কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষা কৰা হ’ব আলতাফৰ…

asomiyapratidin

উত্তৰ প্ৰদেশৰ কাচগঞ্জথত আৰক্ষীৰ জিম্মাতেই ৩ মাহপূৰ্বে আলতাফ নামৰ যুৱকজনৰৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাক লৈ শুকুৰবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায় প্ৰদান কৰিছে। আলতাফৰ মৃতদেহ কবৰৰ পৰা উলিয়াই দিল্লীৰ এইমচত মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে নিৰ্দেশ দিছে ন্যায়ালয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি, আলতাফে বেলেগ ধৰ্মৰ নাবালিকা এগৰাকীক ফুচুলাই পলাই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল।তাৰপিছতেই ৯নৱেম্বৰত  আৰক্ষী থানাৰ বাথৰুমৰ ভিতৰত প্ৰায় ২ ফুট উচ্চতাত থকা পাইপ এডালত ফাচী লগাই থকা অৱস্থাত উদ্ধাৰ হৈছিল ২২ বছৰীয়া যুৱকজনৰ মৃতদেহ।

কিন্তু এই সন্দৰ্ভত আলতাফৰ পৰিয়াল বৰ্গই অভিযোগ উত্থাপন কৰে যে আলতাক আৰক্ষীয়ে মৰিয়াই মৰিয়াই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে।ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়াল বৰ্গই উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল আৰু তাৰপিছতেই শুকুৰবাৰে এই ৰায় প্ৰদান কৰে উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, আলতাফৰ মৰণোত্তৰ পৰীক্ষা এইমচত হ'ব আৰু বেলেগ ৰাজ্যত মৰণোত্তৰ পৰীক্ষ কৰাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰৰ কোনো আপত্তি নাই বুলি জানিবলৈ দিছে। এই মৰণোত্তৰ পৰীক্ষাৰ ৪ সপ্তাহ পিছত পুনৰ ন্যায়ালয়ত শুনানি হ'ব।