মুখ্য-পৃষ্ঠা

বিধেয়কৰ বিৰুদ্ধে জোৰ সমদলৰে ৰাজ্য কপালে অগপই

asomiyapratidin

ডিজিটেল ডেস্কঃ বহু বিৰ্তকিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বিৰোধীতাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছৰে পৰাই এই বিধেয়ক খন বাতিলৰ বাবে ভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰিছে আঞ্চলিক দল অসম গণ পৰিষদে। শুকুৰবাৰে এই বিধেয়ক খন বাতিলৰ দাবীত সমগ্ৰ অসমৰ প্ৰতিটি বিধানসভা সমষ্টিতে জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ন কৰে অগপই।

এই কাৰ্যসূচীত কেইবাটাও সমষ্টিত অগপক সংগ দিয়ে বহু স্থানীয় লোকেও। এসময়ত চৰকাৰৰ মিত্ৰদল অপপই শুকুৰবাৰে ৰাজপথত চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ। ৰাজ্যখনৰ বাইহাটা চাৰিআলি, মঙ্গলদৈ,নলবাৰী, বৰপেটা, বোকাখাট, শদিয়া, যোৰহাট, কলিয়াবৰ, তিনিচুকীয়া, ডিব্ৰুগড়, তেজপুৰ, বঙাঁইগাও, ধুবুৰী, বিশ্বনাথ সকলো স্থানতে সমদল বাহিৰ কৰা হয়।

শুকুৰবাৰৰ জোৰ সমদলত প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকা, কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন কলিতায়ো অংশ লয়। প্ৰতিবাদকাৰী অগপ কৰ্মীসকলে চৰকাৰক সকিয়নী প্ৰদান কৰে যে চৰকাৰে এই বিধেয়কখন বাতিল নকৰালৈকে অনাগত সময়ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব ।