মুখ্য-পৃষ্ঠা

কোৰোনাৰ বিৰুদ্ধে যুঁজঃ অভিনেতা অক্ষয় কুমাৰে দিলে ২৫ কোটি টকা দান…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বই বৰ্তমান কোৰোনা ভাইৰাছৰ ফলত লাখ লাখ আক্ৰান্ত হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোকে মৃত্যুক সাৱটিব লগা হৈছে। ভাৰতত এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২১দন লকডাউন ঘোষণা কৰা হৈছে। তদুপৰি দেশৰ বিভিন্নজনে নিজৰ তৰফৰ পৰা এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ ধন দান দিছে।

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰকে ধৰি বলিউড আৰু দক্ষিণ ভাৰতৰ অভিনেতা-অভিনেতাসকলৰ পৰা আৰম্ভ কৰি বহু কেইগৰাকী ৰাজনৈতিক নেতা-নেত্ৰীয়েও দান দিছে বহু ধন। শেহতীয়াকৈ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ দান কৰিলে ২৫ কোটি টকা।

টুইটাৰযোগে এই কথা জনাই খোদ অভিনেতাগৰাকীয়ে। অক্ষয় কুমাৰে টুইটাৰত লিখিছে-'বৰ্তমান সময়ে আমাৰ সকলোৰে জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আৰু আমি যি পাৰোকৰিব লাগে। মই ২৫ কোটি টকা ধন প্রধানমন্ত্ৰী সাহায্য পুঁজিত দান দিয়াৰ প্ৰতিজ্ঞালৈছো। আহক প্ৰাণৰক্ষা কৰো।' উল্লেখ্য যে, বলিউডৰ তাৰকাসকলৰ ভিতৰত অক্ষয় কুমাৰেইআটাইতকৈ বেছি অৰ্থাৎ ২৫ কোটি টকা জমা দিয়াৰ কথা জনাইছে।