মুখ্য-পৃষ্ঠা

২০২০ত গাড়ীৰ মূল্যতে কিনিব পাৰিব উৰাজাহাজ!

asomiyapratidin

ডিজিটেল ডেস্কঃ আপুনি যদি এখন দামী গাড়ী কিনাৰ কথা ভাৱি আছে তেনেহলে আৰু মাত্ৰ এটা বছৰ অপেক্ষা কৰক। কাৰণ আপুনি গাড়ীৰ দামতেই কিনিব পাৰিব এখন উৰাজাহাজ। আপুনি বিশ্বাস নকৰিলেও এয়াই সত্য ।

বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান 'নেচনেল এয়াৰ'স্পেচ লেবৰেটৰীজ' চুমকৈ এনএএলে দিল্লীৰ 'মেক্সো এৰ'স্পেচ'ৰ দুই আসনযুক্ত 'হংস-এনজী' বিমান মডেলতো আৰু অধিক উন্নত কৰি গ্ৰাহকৰ বাবে মুকলি কৰি দিয়াৰ দিহা কৰিছে। ২০১৯ ত এই বিশেষ দুই আসনযুক্ত বিমানখনৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতে ২০২০ চনৰ ভিতৰত বিমানখনৰ প্ৰাৰম্ভিক পৰীক্ষা সম্পন্ন কৰা হ'ব।

ইয়াৰ পাছতে দিল্লীস্থিত মেক্সো এৰ'স্পেচ প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ বাবে মুকলি কৰিব বিমানখন। সুত্ৰ অনুসৰি এই বিশেষ বিমানখনৰ মুল্য হ"ব ৮০ লাখৰ পৰা ১ কোটি টকা। প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে, ভাৰতৰ বাবে তেওলোকে নিৰ্মাণ কৰিব ৭০-৮০খন বিমান ।