মুখ্য-পৃষ্ঠা

এইমছত কোভিডত আক্ৰান্ত শিশুৰ মগজুৰ স্নায়ু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত মৃত্যু…

asomiyapratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ এইমছত কোৰোনা ভাইৰাছত আক্ৰান্ত এক নতুন ঘটনা পোহৰলৈ আহিছে য'ত এই ভাইৰাছত সংক্ৰমিত ৰোগীৰ মগজুৰ স্নায়ু ক্ষতি হোৱাৰ হৈছে। মগজুৰ স্নায়ু হানি হোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে ১১ বছৰীয়া এটি শিশুৱে। ন্যুৰল'জী ডিভিজনৰ চিকিৎসকে ইতিমধ্যে শিশুটিৰ স্বাস্থ্যৰ সন্দৰ্ভত এক ৰিপৰ্ট প্ৰস্তুত কৰি আছে।

শীঘ্ৰেই এই ৰিপৰ্ট ৰাজহুৱা কৰা হ'ব বুলি জনাইছে চিকিৎসকে। ইফালে, চিকিৎসকে কৈছে যে, ১১ বছৰীয়া শিশুটিৰ মৃত্যু কোৰোনাত আক্ৰান্ত হোৱাৰ ফলত মগজুৰ স্নায়ু ক্ষতি হোৱাৰ ফলত হৈছে। উল্লেখ্য যে, কোভিড-১৯ত আক্ৰান্ত হৈ মগজুৰ স্নায়ু ক্ষতিগ্ৰস্ত হৈ মৃত্যু হোৱা এইটোৱে প্ৰথমটো ঘটনা।