মুখ্য-পৃষ্ঠা

এইবাৰ এইমছত চিকিৎসকক হত্যাৰ ভাবুকি, সোমবাৰৰ দুপৰীয়া ১২ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজালৈ প্ৰতিবাদ সাব্যস্ত

asomiyapratidin

ডিজিটেল ডেস্কঃ কলকতাৰ চৰকাৰী হাস্পতালত চিকিৎসকৰ ওপৰত আক্ৰমণ চলা ঘটনাৰ পিছত চিকিৎসকৰ নিৰাপত্তাৰ দাবীত দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসকসকলে। চিকিৎসকসকলে হাতত ক'লা বেজ, হেলমেট আদি পৰিধান কৰি কৰ্তব্য পালনৰ সময়ত প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজপথলৈও ওলাই আহিছে নিজৰ সুৰক্ষাৰ দাবীত। কিন্তু চিকিৎসকসকলৰ এনে প্ৰতিবাদৰ মাজতে দেওবাৰে নিশা দিল্লীৰ এইমছস্থিত ট্ৰামা চেন্টাৰত পুনৰ চিকিৎসকক অভদ্ৰ আচৰণ কৰা আৰু হত্যাৰ ভাবুকি প্ৰদান কৰাৰ ঘটনা পোহৰলৈ আহিছে।

দেওবাৰে নিশা ট্ৰামা চেন্টাৰত কৰ্তব্যৰত এগৰাকী চিকিৎসকে অভিযোগ কৰা অনুসৰি এজন ৰোগী ৰখীয়াই তেওঁক আশ্ৰব্য গালি গালাজ কৰাৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰে। চিকিৎসকগৰাকীয়ে অভিযোগ কৰা অনুসৰি নিশা তেওঁ যেতিয়া ইমাৰজেন্সী ৱাৰ্ডৰ এগৰাকী ৰোগীক চাবলৈ গৈছিল তেতিয়াই আন এজন ৰোগীৰ লগত অহা এজন লোকে তেওঁৰ বাট আগচি প্ৰথমে সেইজন ৰোগীৰ পৰীক্ষা কৰিবলৈ দাবী জনায়। আৰু তেনে নকৰিলে হত্যা কৰাৰো ভাবুকি প্ৰদান কৰে লোকজনে।

ইফালে ঘটনা সন্দৰ্ভত আৰডিএৰ অধ্যক্ষ ডা০ অমৰিন্দৰ সিং মলহীয়ে কয় যে ৰোগী ৰখীয়াজনে সেই সময়ত নিচাসক্ত হৈ আছিল আৰু তাৰ বাবেই তেওঁ চিকিৎসকগৰাকীক দুৰ্ব্যৱহাৰ কৰিছিল। আনহাতে কলকতাৰ পিছত এইমছত এনেদৰে চিকিৎসকক দুৰ্বৱহাৰ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰাৰ প্ৰতিবাদত এইমছৰ ৰেজিডেন্ট চিকিৎসকসকলে সোমবাৰে দুপৰীয়া ১২ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজালৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ ফলত চিকিৎসালয়খনত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱা সমূহ বন্ধ হৈ পৰিছে।