বকোত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

ছহিদ তৰ্পণ কৰে অসম গণ পৰিষদ দলৰ সম্পাদক জ্যোতিপ্ৰসাদ দাসে

author-image
Asomiya Pratidin
New Update
বকোত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

AGP

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত শুক্ৰবাৰে অসম গণ পৰিষদ দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকো বজাৰৰ সমীপতে থকা আঞ্চলিক দলটোৰ বকো বিধান পৰিষদৰ কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ৰাতিপুৱা বকো বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰজিত বড়োৱে দলৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভণি কৰে ।

Advertisment

ছহিদ তৰ্পণ কৰে অসম গণ পৰিষদ দলৰ সম্পাদক তথা বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে । বকো বিধান পৰিষদৰ আন এগৰাকী সাধাৰণ সম্পাদক ৰঞ্জিত দলৈয়ে আঁত ধৰা অনুষ্ঠানত দলটোৰ জ্যেষ্ঠ নেতা কামদেৱ কলিতাক সম্বৰ্ধনা জনায়।

প্ৰতিষ্ঠা দিৱসত অসম গণ পৰিষদ দলৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ কাৰ্যনিৰ্বাহক তৰা দাস, সবিতা পাঠক , বকো বিধান পৰিষদৰ সদস্যা নিলীম ৰাভাকে ধৰি ৰাজনৈতিক দলটোৰ বিশিষ্ট নেত্ৰীয়ে প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে ।

BOKO agp keshab mahanta prafulla mahanta ATUL BORA