নগাঁৱৰ জ্যেষ্ঠ অগপ নেতাৰ মৃত্যুত শোক...
নগাঁৱৰ জ্যেষ্ঠ অগপ নেতাৰ মৃত্যুত শোক... 
মুখ্য-পৃষ্ঠা

নগাঁৱৰ জ্যেষ্ঠ অগপ নেতাৰ মৃত্যুত শোক...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ বঢ়মপুৰ বৰবাৰী বেবেজীয়াৰ নিবাসী তথা জ্যেষ্ঠ অগপ নেতা মিত্ৰদেৱ শৰ্মাৰ বৃহস্পতিবাৰে দিনৰ ১ বজাত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮৬ বছৰ।

মিত্ৰদেৱ শৰ্মা প্ৰায় এবছৰ দিন ধৰি ঘৰতে চিকিৎসাধীন হৈ আছিল। তেওঁ অগপৰ বহু গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতিকৈ ঘনিষ্ঠ আছিল ।

তেওঁৰ মৃত্যুত অগপ নেতা,কৰ্মীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। শৰ্মাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে-লগে বিভিন্ন গুনমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনাই। বিয়লি নগাঁও জিলা অগপ, কৃষক পৰিষদৰ নেতা কৰ্মীসকল তেওঁৰ বাসগৃহত উপস্থিত হৈ অগপৰ দলীয় পতাকাৰে সন্মান জনোৱাৰ লগতে শেষ শ্ৰদ্ধা জনায়।

মৃত্যুৰ সময়ত বঢ়মপুৰ, চাপানলা, বৰবাৰী, বামুনি আদি অঞ্চলত শোকৰ ছাঁ পৰিছে।তেওঁ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক জিতু গোস্বামী, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও জিলা অগপৰ সভাপতি মণিমাধৱ মহন্ত, সাধাৰণ সম্পাদক নিৰঞ্জন বৰা, যতিন নাথ আদিয়ে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ, তিনিগৰাকী কন্যাসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।