মুখ্য-পৃষ্ঠা

নিখিল ৰাভা ছাত্ৰসন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভাৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ…

asomiyapratidin

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোত প্ৰাক্তন ৰাভা ছাত্ৰনেতা এগৰাকীয়ে মাটি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভাই বকো সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বকো ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক নগেন কলিতাৰ বকো টুৰুকপাৰাগাঁৱত থকা আধা বিঘা মাটি বেদখল কৰি ঘৰ পৰ্যন্ত বান্ধিছে।

১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে টুৰুকপাৰাগাঁৱৰ পাট্টা-৫৮ আৰু দাগ – ৪৫৬ নম্বৰৰ ম্যাদী মাটিখিনিত অধ্যক্ষ গৰাকীয়ে চিকিৎসাজনিত কাৰণত চেন্নাইত থকাৰ সময়ত নিখিল ৰাভা ছাত্ৰসন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভাই বেদখল কৰি চাৰিয়োফালে দেৱাল নিৰ্মাণ কৰাৰ লগতে সম্প্ৰতি ঘৰ পৰ্যন্ত বান্ধিছে। অধ্যক্ষ নগেন কলিতাই তেওঁৰ মাটি বেদখল কৰাৰ বিষয়টো ৰাভা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী তথা এসময়ৰ নিখিল ৰাভা ছাত্ৰসন্থাৰ সভাপতি টংকেশ্বৰ ৰাভা আৰু কাৰ্যবাহী সদস্য সুমিত ৰাভাক অবাগত কৰিছে।

লগতে অধ্যক্ষগৰাকীয়ে বকো ৰাজহ চক্ৰ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মাটিখিনি ৰমেন সিং ৰাভাৰ পত্নী দীপিকা ৰাভাই থানেশ্বৰ বসুমতাৰী নামৰ লোক এগৰাকীৰ পৰা কিনাৰ তথ্য পাতি সদৰী কৰিছে।বকো সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বকো ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক নগেন কলিতাই দাবী কৰা মতে মাটিখিনি ১৯৭৮ইং বৰ্ষত তেওঁ বেলকা ৰাভা নামৰ লোক এগৰাকীৰ পৰা কিনিছিল। যিগৰাকী লোক সম্প্ৰতি ইহ সংসাৰত নাই।

আনহাতে মাটিৰ মালিক প্ৰয়াত বেলকা ৰাভাৰ তিনি পুত্ৰ ক্ৰমে-লাৱণ্য ৰাভা, দীনেশ ৰাভা, হাবিৰাম ৰাভাই মাটিখিনি১৯৯৯ ইং বৰ্ষত প্ৰতাপ ৰাভা নামৰ লোক এগৰাকীৰ ওচৰত বিক্ৰী কৰা দেখুৱাইছে। পুনৰ প্ৰতাপ ৰাভা নামৰ লোকগৰাকীয়ে ২০১০ইংবৰ্ষত থানেশ্বৰ বসুমতাৰী নামৰ আন লোকগৰাকীৰ ওচৰত বিক্ৰী কৰাৰ তথ্যপাতি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা অধ্যক্ষগৰাকীক দেখুৱাইছে।

মাটিখিনি কিনাৰ দিনৰ পৰাই অধ্যক্ষগৰাকীয়ে এতিয়ালৈকে খাজানা পৰ্যন্ত দি অহাৰ পিচতো তেওঁৰ অজ্ঞাতে তিনি চাৰিজন লোকৰ ওচৰত বিক্ৰীহৈ অহা তথ্য পাতি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকাত অধ্যক্ষগৰাকীৰ মনত সেই তথ্য পাতিৰ ওপৰত সন্দেহৰ সৃষ্টি হৈছে। অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত শিক্ষক নগেন কলিতাৰ আবেদনৰ ভিত্তিত ৰাজহ চক্ৰ বিষয়াই বিষয়টো সন্দৰ্ভত শুনানিৰ ব্যৱস্থা এতিয়ালৈকে কৰা নাই ।