মুখ্য-পৃষ্ঠা

নতুনকৈ নিৰ্মাণ কৰা হ’ব প্ৰধানমন্ত্ৰীয়ে উজুটি খাই পৰা অটল ঘাটৰ সেই চিৰিটো…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কানপুৰৰ অটল ঘাটৰ যিটো চিৰিত যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উজুটি খাই বাগৰি পৰিছিল, সেই চিৰিটো ভাঙি নতুনকৈ নিৰ্মাণ কৰা হ'ব। এই বিষয়ে জানিবলৈ দিছে অটল ঘাট খণ্ড আয়ুক্ত সুধীৰ এম বোবডেয়ে। বুধবাৰে এই বিষয়ে জানিবলৈ দি বোবডেয়ে কয় যে অটল ঘাটৰ বোট ক্লাৱলৈ উঠি যোৱা সেই চিৰিসমূহৰ ৯ নম্বৰ চিৰিটো অন্য চিৰিতকৈ অসমান। যাৰ ফলত তাত প্ৰায়ে মানুহ উজুটি খাই পৰে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তাত বাগৰি পৰাৰ পিছতে চিৰিটো ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, যোৱা সপ্তাহত নমামী গংগা আঁচনিৰ এক বৈঠকৰ বাবে কানপুৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে অটল ঘাটৰ চিৰিয়েদি বোট ক্লাৱলৈ উঠি যোৱাৰ সময়তে উজুটি খাই বাগৰি পৰে। অৱশ্যে এছপিজি কৰ্মীৰ তৎপৰতাত আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে প্ৰধানমন্ত্ৰীগৰাকী। জানিব পৰা মতে, এই চিৰি সমূহ ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নমামী গংগা প্ৰজেক্টৰ অধীনত পুনঃনিৰ্মাণ কৰা হ'ব।