মুখ্য-পৃষ্ঠা

সাৱধান পাকিস্তান! পুনৰ যুঁজাৰু বিমানত অভিনন্দন….

asomiyapratidin

ডিজিটেল ডেস্কঃ বালাকোটৰ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি মিগ-২১ যুজাঁৰু বিমানেৰে ধ্বংস কৰি পাকিস্তানৰ সেনাৰ হাতত বন্দী হোৱা অভিনন্দন বৰ্তমানে বুধবাৰে পুনৰ উৰুৱালে যুজাঁৰু বিমান। ৰাজস্থানৰ বায়ুসেনাৰ চাউনীত উৰুওৱাত ব্যস্ত অভিনন্দন। এই কথা সংবাদ মাধ্যমক অৱগত কৰিলে বায়ু সেনাৰ এজন উচ্চপদস্থ বিষয়াই।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১ মাৰ্চত পাকিস্তানে অভিনন্দনক মুকলি কৰি দিয়াৰ পাছতে দীৰ্ঘসময় ধৰি তেওক চিকিৎসকে চিকিৎসা কৰি আছিল। পাকিস্তানৰ পৰা মুকলি হৈছে অভিনন্দনে কৈছিল যে, সেনাই বিচাৰিলে পুনৰ দেশসেৱাৰ বাবে তেও সাজু। আৰু তেওৰ কথামতেই ৬ মাহৰ অন্তত আজি পুনৰ সাজু
অভিনন্দন ।