মুখ্য-পৃষ্ঠা

বিহাৰত বানৰ পিছত এইবাৰ মহামাৰীৰ আতংক, ডেংগু, ১২০ জনৰ দেহত ডেংগুৰ বীজানু

asomiyapratidin

ডিজিটেল ডেস্কঃ বান আৰু বৰষুণে বিধ্বস্ত কৰাৰ পিছত এইবাৰ মহামাৰীয়ে তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে বিহাৰত। ৰাজ্যখনত বানৰ ফলত ১৬০ জনৰো অধিক লোকৰ মৃত্যু ঘটিছে। তাৰ পিছতে এতিয়া দেখা দিয়া বিভিন্ন ৰোগে ৰাজ্যবাসীক আতংকিত কৰি তুলিছে। বিহাৰৰ চৰকাৰী সূত্ৰই সদৰী কৰা মতে, বানৰ পাছত ৰাজ্যখনত ডেংগু, পেটৰ অসুখ, মেলেৰিয়া আদি ৰোগে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰে।

বিহাৰত বৰ্তমানলৈকে ৭৫৫টাকে ৰোগাক্ৰান্ত ঘটনা পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত ৫২০ টা ঘটনাই পাটনাৰ। আনহাতে ৰোগাক্ৰান্ত সকলৰ মাজত ১২০ গৰাকীৰ দেহত ডেংগুৰ বীজানু লাভ কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰোপৰিও কলেৰা মহামাৰীত আক্ৰান্ত ৭০টাকৈ ঘটনা পোহৰলৈ আহিছে ৰাজ্যখনত।