মুখ্য-পৃষ্ঠা

টেংকাৰৰ পৰা লীক অক্সিজেন, ২০জনে হেৰুৱালে প্ৰাণ…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাশ্বিকৰ এখন হাস্পতালত ২০জনকৈ লোকে হেৰুৱালে প্ৰাণ। লোক কেইজনৰ মৃত্যুৰ কাৰণ অক্সিজেন। হয়, এখন অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ পৰা অক্সিজেন লীক হোৱাৰ পাছতেই মৃত্যু হয় লোক কেইজনৰ। এই ঘটনা সংঘঠিত হোৱাৰ ফলত অক্সিজেন ছাপ্লাই ব্যৱস্থা প্ৰায় আধা ঘন্টাৰ বাবে বন্ধ হৈ পৰে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে জাকিৰ হুছেইন হাস্পতালৰ সমীপত। ৮০জনৰ ভিতৰত ৩১জন ৰোগীক অক্সিজেন দিয়াৰ প্ৰয়োজন আছিল সেয়েহে তেওঁলোকক অন্য হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে। ইফালে, মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়- 'টেংকাৰৰ ভাল্বত ফাঁট থকাৰ বাবেই নাশ্বিকত ইমান বেছি পৰিমানৰ অক্সিজেন নিৰ্গত হয়।'

আনহাতে, চীফ মেডিকেল অফিচাৰ গৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়- অক্সিজেন নিৰ্গত হোৱাৰ ফলত যিসকল লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক ৫ লাখ টকাকৈ দিয়া হ'ব। লগতে এই ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় এক তদন্তৰ নিৰ্দেশো দিয়া হ'ব।