শ্ৰদ্ধাৰ টুকুৰা টকুৰ দেহ ফ্ৰিজত ৰাখি আফতাব মচগুল আছিল অন্য নাৰীৰ সংস্পৰ্শত !
শ্ৰদ্ধাৰ টুকুৰা টকুৰ দেহ ফ্ৰিজত ৰাখি আফতাব মচগুল আছিল অন্য নাৰীৰ সংস্পৰ্শত !  
মুখ্য-পৃষ্ঠা

আফতাবৰ নতুন প্ৰেয়সী আছিল মনোৰোগ বিশেষজ্ঞ, শ্ৰদ্ধাৰ আঙুঠি দিছিল উপহাৰ আৰু...

Asomiya Pratidin

ডিজিটেল ডেস্ক: দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। নিতৌ অভিযুক্ত আফতাব পুনাৱালৰ নতুন নতুন কাহিনী পোহৰলৈ আহিছে।এইবাৰ ভাষ্য আহি পৰিছে আফতাবৰ নতুন প্ৰেমিকাৰ।

আফতাবৰ নতুন প্ৰেমিকা অজ্ঞাত আছিল যে আফতাব এজন হত্যাকাৰী আৰু তেওঁ লগ কৰা ফ্লেটতেই হত্যা কৰিছিল প্ৰাক্তন প্ৰেমিকাক। দিল্লী আৰক্ষীয়ে জানিব পাৰিছে যে আফতাবে বিভিন্ন ডেটিং চাইটৰ জৰিয়তে প্ৰায় ১৫ ৰ পৰা ২০ গৰাকী যুৱতীৰ লগত কথা বতৰা পাতিছিল।

অনুসন্ধানত, আৰক্ষীয়ে বাম্বল এপৰ জৰিয়তে এজনী যুৱতীৰ তথ্য পাইছিল। শ্ৰদ্ধাৰ হত্যাৰ প্ৰায় ১২ দিন পিছত ৩০ মে'ত এপটোৰ জৰিয়তে আফতাবৰ লগত চিনাকী হৈছিল।

যুৱতী গৰাকী পেছাত মনোৰোগ বিশেষজ্ঞ। আৰক্ষীয়ে যুৱতী গৰাকীক সোধা-পোছা কৰিছিল। তেতিয়া যুৱতী গৰাকীয়ে কৈছিল যে আফতাবৰ সৈতে চিনাকী মে' মাহত বাম্বল এপৰ জৰিয়তে হৈছিল ।

প্ৰথমে ১২ অক্টোবৰত আফতাবৰ ফ্লেটলৈ গৈছিল যুৱতী গৰাকী। সেই সময়ত আফতাবৰ স্বভাৱ একেবাৰে স্বাভাৱিক আছিল আৰু অতি যত্ন কৰিছিল যুৱতী গৰাকীক।

যুৱতী গৰাকীয়ে কৈছিল যে আফতাবে চিগাৰেট বেছিকৈ সেৱন কৰিছিল। কিন্তু প্ৰায়ে আফতাবে চিগাৰেট এৰি দিম বুলি কৈছিল আৰু তেওঁলোক সুখী আছিল। সেই সময়ত যে শ্ৰদ্ধাৰ মৃতদেহ আফতাবৰ ঘৰত আছিল সেয়া যুৱতী গৰাকীয়ে গম পোৱা নাছিল।

আফতাবে যুৱতী গৰাকীক এটা আঙুঠি উপহাৰ দিছিল আৰু সেই আঙুঠিটো শ্ৰদ্ধাৰ আছিল।

যেতিয়া আৰক্ষীয়ে আফতাবৰ সকলো কথা যুৱতী গৰাকীক কৈছিল তেতিয়া যুৱতী গৰাকীয়ে খুব আচৰিত হৈছিল যে আফতাবে যিদৰে ইয়াৰ যত্ন লৈছিল কেতিয়াও অনুভৱ কৰা নাছিল যে আফতাবে এনে কৰিব পাৰে।

আৰু পঢ়ক: চৰাইদেউত স্বৰ্গদেউৰ বিননি! বৰ অসমৰ ভেঁটি গঢ়োতা জনৰ মৈদাম বেদখলৰ কবলত