মুখ্য-পৃষ্ঠা

লোকলৈ বুলি হূল পুতি নিজেই মৰে উজুটি! আফগানিস্তানত সেনাৰ আক্ৰমণৰ বাবে অনা আইইডি বিস্ফোৰণ হৈ নিহত ৫ সন্ত্ৰাসবাদী

asomiyapratidin

ডিজিটেল ডেস্কঃ আফাগনিস্তানৰ উত্তৰাঞ্চল এলেকাৰ কুনদুজনত আইইডি বিস্ফোৰণত ৫ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৩ জন সন্ত্ৰাসবাদী গুৰুতৰভাৱে আহত হয়। সন্ত্ৰাসবাদীৰ দলটোৱে আফগান সেনাক লক্ষ্য কৰি আইইডি বিস্ফোৰণ ঘটোৱাৰ প্ৰস্তুতি চলাই থাকোতে সংঘটিত হয় এই বিস্ফোৰণ।

জানিব পৰা মতে, দেওবাৰে নিশা ৮ বজাত (স্থানীয় সময়ানুসৰি) সন্ত্ৰাসবাদীৰ দলটোৱে আলী আবাদ জিলাৰ হাজি মেহৰাম নামৰ এজন ব্যক্তিৰ ঘৰত গৃহনিৰ্মিত আইইডিটো স্থাপন কৰাৰ চেষ্টা চলাই আছিল।

সন্ত্ৰাসবাদীৰ দলটোৱে আফগানক সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ লক্ষ্যৰে আইইডিটো স্থাপন কৰিছিল যদিও নিৰ্ধাৰিত সময়ৰ পূৰ্বেই আইইডিটোৰ বিস্ফোৰণ ঘটাত ৫ সন্ত্ৰাসবাদী থিতাতে নিহত হয়। বাকী ৩ জন সন্ত্ৰাসবাদী গুৰুতৰভাৱে আহত হয় বুলি জানিবলৈ দিছে আফগান সেনাৰ ২১৭ পামিৰ কোৰ্পছে। এই বিস্ফোৰণত কোনো সাধাৰণ লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।