মুখ্য-পৃষ্ঠা

দিল্লীৰ বিজেপি সভাপতি ৰূপে আদেশ কুমাৰ গুপ্তাক নিযুক্তি প্ৰদান…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিজেপিয়ে মঙলবাৰে কেইবাখনো ৰাজ্যৰ দলীয় সভাপতিক নিযুক্তি প্ৰদান কৰে। দলটোৱে দিল্লী বিজেপিৰ সভাপতি পদৰ পৰা মনোজ তিৱাৰীক আঁতৰাই আদেশ কুমাৰ গুপ্তাক এই দায়িত্ব প্ৰদান কৰা হয়। ইফালে, ছত্তীশগড় দিল্লীৰ সভাপতি ৰূপে বিষ্ণুদেৱ ছায়ক দিয়া হয় নিযুক্তি।

উল্লেখ্য যে, মনোজ তিৱাৰীয়ে ২০১৬চনত দিল্লী বিজেপিৰ সভাপতি ৰূপে নিযুক্তি লাভ কৰিছিল। তেওঁ এই সন্দৰ্ভত টুইটাৰত লিখিছে- 'বিজেপিৰ প্ৰদেশ সভাপতি ৰূপে মই ৩.৬ বছৰ কৰ্তব্য পালন কৰিলো। সতীৰ্থ তথা ৰাজ্যবাসীয়ে বহু মৰম দিছে। অজানিতে যদি কিবা ভুল কৰিছো তেন্তে ক্ষমা কৰি দিব। দিল্লী বিজেপি সভাপতি ৰূপে নতুনকৈ আদেশ গুপ্তাক নিযুক্তি দিয়া হৈছে। তেওঁক শুভেচ্ছা জনালো।'