মুখ্য-পৃষ্ঠা

FULL EPISODE: এজেপিৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাৰ সৈতে ‘আড্ডা’…

asomiyapratidin

ডিজিটেল ডেস্কঃ নতুন দল গঠনৰ পাছত দলটোৰ সাংগঠনিক কামত ব্যস্ত হৈ পৰিছে ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞা। অসম জাতীয় পৰিষদৰ এই গুৰুত্বপূৰ্ণ দায়িত্বৰ মাজতে অসমীয়া প্ৰতিদিনৰ 'আড্ডা'ত অংশ লয় নেতাগৰাকীয়ে। জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ সৈতে মন খুলি পাতিলে ৰাজ্যৰ ৰাজনীতি আৰু নতুন দলটোৰ ভৱিষ্যৎ পন্থাৰ সন্দৰ্ভত বহু কথা।

এক অগতানুগতিক বাৰ্তালাপৰ মাজত অসম জাতীয় পৰিষদৰ কৰ্ম পন্থা, সম্পদৰ ওপৰত অধিকাৰ, কৃষক মুক্তি-অখিল গগৈ প্ৰসংগ আৰু নতুন আঞ্চলিক দলটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই বহু নতুন দিশ উন্মোচিত কৰিলে এই আড্ডাত।

প্ৰাক্তন মন্ত্ৰী তথা একালৰ আছু নেতা জগদীশ ভূঞাই ইংগিত দিলে সমুজ্জল ভট্টাচাৰ্যৰ স্থিতি সন্দৰ্ভতো। জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ সৈতে আড্ডা সদৃশ পৰিৱেশত পাতিলে জাতীয়তাবাদৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক ৰাজনীতিৰ প্ৰেক্ষাপটৰ সন্দৰ্ভত বহু কথা।

এটা পুৰণি দলৰ নামেৰে দলটোৰ নাম নামাকৰণ কৰা , ইয়াৰ ফলত নিৰ্বাচন আয়োগত দলটো পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত কিবা সমস্যা হ'ব নেকি, বিজেপি-এজিপিক অনুসৰণ কৰি দলটোৰ নাম এজেপি দিয়া হ'ল নেকি বুলিও সোধাত তেওঁ সেই প্ৰশ্নবোৰৰো স্পষ্ট উত্তৰ দিলে।

বিজেপিৰ দৰে আৰ এছ এছ বা আন বাওদলৰ আৰ্হিত এই দলৰ ভেটি নিৰ্মাণ কৰা হৈছে নেকি বুলি জানিব বিচৰাত তেওঁ সেই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ালে। এই আড্ডাৰ সম্পূৰ্ণ দৃশ্যাংশ ফেচবুকত চাবলৈ ক্লিক কৰক তলৰ লিংকত-

ইউটিউবত এই আড্ডা চাবলৈ ক্লিক কৰক-