মুখ্য-পৃষ্ঠা

৩,১১০ কোটি টকাৰে গৌতম আদানীয়ে ক্ৰয় কৰিলে ৰাষ্ট্ৰীয় পথ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আৰু কিবা থাকিবগৈ নে? এটাৰ পিছত এটাকৈ দেশৰ সম্পত্তি ক্ৰয় কৰা গৌতম আদানীয়ে এইবাৰ ক্ৰয় কৰিলে এটা ৰাজপথ। কয়লাখনি, জলবিদ্যুৎ প্ৰকল্প, কৃষিখণ্ডৰ কথা বাদেই পৰিবহণ ব্যৱস্থাৰ অন্তৰ্ভুক্ত বিমান বন্দৰ, ৰেল ষ্টেচনৰ পিছত এইবাৰ আদানীৰ হাতলৈ গ'ল ৰাজপথ।

আহমেদাবাত থকা গৌতম আদানীৰ ব্যৱসায়িক গোট আদানী এণ্টাৰপ্ৰাইজেছে ৩,১১০ কোটি টকাৰে ক্ৰয় কৰিছে এটা পথ। গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত থকা মেকুৱেৰী এছিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ টোল ৰোড পৰ্টফলিঅ' অধিগ্ৰহণ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

যোৱা বৃহস্পতিবাৰে আদানি গ্ৰুপে কৈছিল যে তেওঁলোকে অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটৰ মেকুৱেৰী এছিয়া আন্তঃগাঁথনি পুঁজিৰ টোল ৰোড পৰ্টফলিঅ' ৩,১১০ কোটি টকাত অধিগ্ৰহণ কৰিব। গোটটোৱে এক বিবৃতিত ৯৭২ লেন-কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পৰ্টফলিঅ'টো অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

আদানি ৰোড ট্ৰান্সপোৰ্ট লিমিটেড (এ আৰ টিএল), যি হৈছে আদানি এণ্টাৰপ্ৰাইজেছ লিমিটেড (এই এল)ৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক কোম্পানী। এই কোম্পানীয়ে ভাৰতত পথ আৰু ঘাইপথ প্ৰকল্পৰ বিকাশ, নিৰ্মাণ, পৰিচালনা আৰু ব্যৱস্থাপনাত নিয়োজিত হৈ আছে।