মুখ্য-পৃষ্ঠা

সুশান্তৰ পাছত এইবাৰ সমীৰৰ আত্মহত্যা, আৰক্ষীৰ তদন্ত অব্যাহত…

asomiyapratidin

ডিজিটেল ডেস্কঃ মুম্বাইত পুনৰ সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা। এগৰাকী জনপ্ৰিয় অভিনেতাই বৃহস্পতিবাৰে কৰিলে আত্মহনন। টেলিভিছনৰ পৰিচিত অভিনেতা সমীৰ শৰ্মাই কৰিলে আত্মহত্যা। মহানগৰীখনৰ মালাডস্থিত নিজা বাসগৃহত ফেনত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় অভিনেতা গৰাকীৰ মৃতদেহ। ইফালে, আৰক্ষীয়ে কয় যে, দুদিন পূৰ্বেই মৃত্যু হৈছে সমীৰৰ।

উল্লেখ্য যে, 'কিও কি চাঁস ভী কভী বহু থী', 'ঘৰ ঘৰ কি কাহিনী', 'য়ে ৰিস্তা হ্যে প্যাৰ কে' আদিকে ধৰি বহু জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছিল ৪৪ বৰ্ষীয় সমীৰ শৰ্মা । কিছুদিন পূৰ্বে সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত ছ'চিয়েল মেডিয়াত প'ষ্ট দিছিল সমীৰে। সুশান্তৰ এনেদৰে মৃত্যু হ'ব নোৱাৰে বুলি টুইটাৰত লিখিছিল সমীৰে। দিশা চেলিয়ান,  সুশান্তৰ পিছত সমীৰৰ 'আত্মহত্যা'ৰ ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বলীউডত।