মুখ্য-পৃষ্ঠা

ফেচবুকতো বনাব পাৰিব টিকটকৰ দৰে ভিডিঅ! আহি আছে…

asomiyapratidin

ডিজিটেল ডেস্কঃটিকটকৰ বিষয়ে হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আইনী মেৰপেছত সোমোৱাৰ পাছতো যেন টিকটকৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই। সেয়েহে হয়তো ২০১৯ বৰ্ষত বৰ্তমানৰ লৈকে বিশ্বৰ সবাতোকৈ অধিক ডাউনলড কৰা এপৰ ভিতৰত টিকটকে লাভ কৰিছে দ্বিতীয়স্থান। টিকটকৰ এই জনপ্ৰিয়তা দেখি শেহতীয়াকৈ ফেচবুকেও কৰিছে এক নতুন পৰিকল্পনা।

শেহতীয়াকৈ খবৰ আহিছে যে, ফেচবুকেও অচিৰেই আৰম্ভ কৰিব টিকটকৰ দৰে ভিডিঅ' নিৰ্মাণ কৰিব পৰা ব্যৱস্থা। ইয়াৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে ফেচবুকে গঠন কৰিছে এটা টীম। জেছন টফৰ নেতৃত্বত গঠন হোৱা এই টীমটোৱে পৰীক্ষামূলকভাৱে এই কাম আগবঢ়াব।

গুগলৰ পৰা ফেচবুকত যোগদান কৰা জেছন টফে এই খবৰ টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰিছে। তেও জনোৱা মতে' আগন্তুক দুসপ্তাহৰ ভিতৰত এই টীমটোৱে ফেচবুকত ভিডিঅ' নিৰ্মান কৰা কাম পৰীক্ষামূলকভাৱে আৰম্ভ কৰিব।