মুখ্য-পৃষ্ঠা

২০ আগষ্টত চন্দ্ৰৰ কক্ষত প্ৰৱেশ কৰিব চন্দ্ৰযান-২ৱে, ৭ চেপ্তেম্বৰত কৰিব অৱতৰণ

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-২ৱে ২০ আগষ্টত চন্দ্ৰৰ কক্ষত প্ৰৱেশ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ কে শিৱানে। ইছৰ'ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডা০ বিক্ৰম সাৰাভাইৰ জন্ম তিথি উপলক্ষে আহমেদাবাদত আয়োজিত সমাৰোহত অংশ ল'বলৈ আহি চন্দ্ৰযান-২ৰ সন্দৰ্ভত সদৰী কৰে কে শিৱানে। আনহাতে ৭ আগষ্টত চন্দ্ৰযান-২ৱে চন্দ্ৰৰ দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰিব বুলিও জানিবলৈ দিয়ে ইছৰ'ৰ অধ্যক্ষগৰাকীয়ে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে দুদিন পিছত মহাকাশ যানখনে পৃথিৱী কক্ষৰ পৰা বাহিৰ হ'বলৈ আৰম্ভ কৰিব। তাৰ পিছতে ২০ আগষ্টত যানখনে চন্দ্ৰৰ কক্ষত প্ৰৱেশ কৰি চন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰিব। তাৰ পিছতহে ৭ চেপ্তেম্বৰত চন্দ্ৰযান-২ৱে ইতিহাস ৰচি চন্দ্ৰৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰিব।